December 23, 2025 12:13 AM December 23, 2025 12:13 AM

views 9

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতিৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতৰ নিযুক্তিৰ নিৰ্দেশ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতে নিযুক্তিৰ নিৰ্দেশ দিছে। অধিবক্তা প্রবীন কুমাৰ শৰ্মা আৰু অমিতাভ বৰুৱাক অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে নিযুক্তি দিয়া হৈছে। দুয়োগৰাকী অধিবক্তাই ইতিমধ্যে জিলা আইন সেৱা প্ৰাধিকৰণে নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসক সহযোগ কৰিব। উল্লেখযোগ্য যে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত প্ৰথমটো...

December 22, 2025 9:00 PM December 22, 2025 9:00 PM

views 7

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ...

November 18, 2025 1:01 PM November 18, 2025 1:01 PM

views 38

জুবিন গাৰ্গৰ অবৰ্তমানত ওপজা দিন উদযাপন

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ ওপজা দিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ'ত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে। গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰেপৰা জন্মদিন উপলক্ষে বিভিন্ন কার্যসূচী লোৱা হৈছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়...

November 10, 2025 7:18 PM November 10, 2025 7:18 PM

views 21

শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব

প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব । কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজিত জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি সকলো ধৰণৰ প্ৰায় দুকুৰি গীত শিল্পীসকলে পৰিৱশন কৰিব। কণ্ঠশিল্পীসকলৰ সামূহিক প্ৰচেষ্টাত আয়োজিত এই ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি ...

November 4, 2025 11:06 AM November 4, 2025 11:06 AM

views 28

■ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্রহণৰ বাবে ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা ২১ নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই সাক্ষ্য গ্ৰহণ কৰা হ'ব। অৱশ্যে কালি প্ৰথমদিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্রদান নকৰিলে। উল্লেখযোগ্য যে এই আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰিটা মূল বিষয়ৰ তদন্ত কৰিব। ইপিনে, কালি এছ আই ট...

October 22, 2025 12:04 PM October 22, 2025 12:04 PM

views 88

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদানৰ বাবে বিজেপিৰ ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে আজিৰে পৰা বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিব। আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ শাসকীয় দলটোৱে এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা অংশগ্ৰহণ কৰিব। ৩০ অক্টোবৰলৈকৈ প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিওৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনু...

October 22, 2025 11:57 AM October 22, 2025 11:57 AM

views 52

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব: মুখ্যমন্ত্ৰী

● ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গক এশ শতাংশ ন্যায় দিয়া হ'ব আৰু এয়া তেওঁৰ সংকল্প। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্...

October 17, 2025 12:02 PM October 17, 2025 12:02 PM

views 39

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। ১৪ দিনৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৯জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয...

October 8, 2025 8:19 PM October 8, 2025 8:19 PM

views 28

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিবঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। ইপিনে বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক...

October 7, 2025 12:39 PM October 7, 2025 12:39 PM

views 65

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

● জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল...