October 5, 2025 6:40 PM

views 46

ৰাজ্যৰ বিভিন্ন ঠাইত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়

ৰাজ্যৰ বিভিন্ন ঠাইত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ চৌকিদিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি-ধৰ্ম নিৰ্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চই আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰাণ পাঠ আদিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয় । সন্ধিয়াৰ ভাগত চৌকিদিঙি খেলপথাৰত এহেজাৰ বন্তি প্ৰজ্বলন কৰা হয়। শিৱসাগৰ জিলাতো আজি এখন সর্বধর্মীয় প্রার্থনা সভাৰ আয়...

October 5, 2025 11:38 AM

views 36

নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদন  ১০ অক্টোবৰত লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদন অহা ১০ অক্টোবৰত লাভ কৰিব পৰা যাব আৰু ইয়াৰ পাছতেই মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্রতিবেদন চিকিৎসকে দাখিল কৰিব। এই প্ৰতিবেদনৰ পিছতহে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত তথ্য পোৱা যাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পত্নী গৰিমা গাৰ্গ আৰু পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ক...

September 30, 2025 8:47 PM

views 39

ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰে যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ শ্রাদ্ধানুষ্ঠান

জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গসহ পৰিয়ালৰ সদস্যসকলে প্রয়াত শিল্পীগৰাকীৰ চিতাভস্ম লৈ আজি যোৰহাটত উপস্থিত হয়। শিল্পীগৰাকীৰ পৰিয়ালৰ পৰা অশ্রুসিক্ত নয়নেৰে যোৰহাটৰ ৰাইজে চিতাভস্মখিনি গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্রংৰুমত নিশা চিতাভস্মখিনি ৰখা হ'ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্রাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সকলো দিশ নিৰ...

September 29, 2025 10:39 AM

views 79

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি মন কি বাতত অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ অকাল বিয়োগতো গভীৰ শোক প্রকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, যে শিল্পীগৰাকীৰ সংগীতে পৰৱৰ্তী প্ৰজন্মসমূহক সদায়েই আচ্ছন্ন কৰি ৰাখিব। ইফালে শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত ঘৰত শ্রদ্ধাঞ্জলি জনাবলৈ গুণমুগ্ধৰ স্রোত অব্যাহত আছে। কালি দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে ...

September 24, 2025 10:16 PM

views 44

প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণৰ সংবাদমেলযোগে স্থিতি স্পষ্ট

ছিংগাপুৰত অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা ৰাজ্যৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে আজি এখন সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ যিকোনো তদন্তৰ বাবে তেওঁ সাজু বুলি উল্লেখ কৰি নাৰায়ণে কয় যে এই ঘটনা সংক্রান্ত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়। তেওঁ সেই ঘটনাৰ সময়ত ছিংগাপুৰত আছিল যদিও শিল্পীগৰাকীৰ এই যাত্ৰাৰ পৰিকল্পনাৰ সৈতে জড়িত নাছিল আৰু সেই স্থানত উপস্থিত নাছিল বুলি উল্লেখ কৰে। ঘটনাৰ সম্ভেদ পোৱ...

September 22, 2025 7:11 PM

views 265

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্...

September 21, 2025 6:55 PM

views 29

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ ক্রীড়া প্ৰকল্পত জনসাধাৰণৰ অন্তিম শ্রদ্ধা জ্ঞাপনৰ বাবে ৰখা হৈছে

অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ৰখা হৈছে। জনসাধাৰণে হিয়াৰ আমঠু শিল্পীগৰাকীক অন্তিম শ্রদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজি গোটেই নিশা আৰু কাইলৈও ষ্টেডিয়াম খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। দৰ্শনাৰ্থীসকলে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ পাছত ষ্টেডিয়ামখনৰ ৩ নম্বৰ দুৱাৰেৰে ওলাই যাব পাৰিব। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ...