July 14, 2025 8:38 PM

views 15

কেপ্তেইন সুভাংশু শুক্লা সহ আন ৩ গৰাকী মহাকাশচাৰীৰ ওভতনি যাত্রা কিছুসময় পূৰ্বে আৰম্ভ

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন সুভাংশু শুক্লা আৰু অকজিম-4 অভিযানৰ আন ৩ গৰাকী মহাকাশচাৰীৰ ওভতনি যাত্রা কিছুসময় পূৰ্বে আৰম্ভ হৈছে। স্পেচেক্সে সামাজিক মাধ্যমযোগে নিশ্চিত কৰিছে যে, ক্রিউ কেপচুল ড্ৰেগন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্চিন্ন হৈছে। কাইলৈ বিয়লি ৩ বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত ভৰি থব। অৱতৰণৰ পাছত গ্রুপ কেপ্তেইন শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ ৭ দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। মহাকাশচাৰীৰ দলটোৱে ১৪ দিনীয়া অভিযানৰ বাবে আন্তঃৰাষ্ট্...

July 14, 2025 3:17 PM

views 15

মহাকাশচাৰী শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন ৩ জন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ’ব

■ ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কয় যে, আজি বিয়লি ৪.৩০ বজাত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ লগতে কয় যে ভাৰতীয় সময় অনুসৰি কাইলৈ বিয়লি ৩ বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত পদার্পণ কৰিব। অৱতৰণৰ পিছত গ্রুপ কেপ্তেইন শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ ৭ দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযো...

July 11, 2025 5:32 PM

views 20

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন ৩ গৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ’ব

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ'ব বুলি নাছাই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ এগৰাকী শীর্ষস্থানীয় বিষয়া ষ্টিভ ষ্টিচ্চে আজি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তেওঁলোকক কঢ়িয়াই আনিবলগীয়া যানখন ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে বিচ্ছিন্ন হোৱাৰ কেইঘণ্টামান পাছত যানখনে প্রশান্ত মহাসাগৰত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

June 10, 2025 12:21 PM

views 23

কাইলৈ সন্ধিয়া AXIOM-4 মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ

ভাৰতৰ শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া চাৰে ৫ বজাত মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। এই ঐতিহাসিক অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ এগৰাকীকৈ মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। অভিযানকালত ভাৰতৰ শুভাংশু শুক্লা...