ডাউনলোড
মোবাইল এপ

android apple
signal

June 10, 2025 12:21 PM | Axiom -4

printer

কাইলৈ সন্ধিয়া AXIOM-4 মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ

ভাৰতৰ শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণনে ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া চাৰে ৫ বজাত মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। এই ঐতিহাসিক অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ এগৰাকীকৈ মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। অভিযানকালত ভাৰতৰ শুভাংশু শুক্লাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেগি হুইট্‌চন, প’লেণ্ডৰ স্লাউজ উজনাস্কি আৰু হাংগেৰীৰ তিবৰ কাপুৱে ৩১ খন দেশৰ প্ৰায় ৬০ টা বৈজ্ঞানিক অধ্যয়ন সম্পন্ন কৰিব। অভিযানকালত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভালেকেইটা গৱেষণা প্রকল্পও অন্তৰ্ভুক্ত কৰা হৈছে বুলি সংস্থাই প্ৰকাশ কৰিছে। AXIOM SPACE-এ মুকলি কৰা এটা ভিডিঅ’ বাৰ্তাত ভাৰতীয় মহাকাশচাৰীগৰাকীয়ে এই বিশেষ অভিযানৰ অংশ হ’বলৈ পাই নিজকে অতিশয় ভাগ্যশালী হিচাপে অনুভৱ কৰা বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক