June 11, 2025 9:25 AM

views 24

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত ১০জন লোক নিহত

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰত কালি এখন বিদ্যালয়ত সংঘটিত এটা গুলীচালনাৰ ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে আন ১২জন আহত হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বন্দুকধাৰী ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰজনে গুলীচালনাৰ পাছত বিদ্যালয়খনৰ শৌচাগাৰত আত্মহত্যা কৰে। স্থানীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি হতাহতসকলৰ ভিতৰত বন্দুকধাৰীসহ সকলো বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক। দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী গেৰহাৰ্ড কাৰ্ণাৰে কয় যে, বন্দুকধাৰীজন বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ আছিল আৰু এই ঘটনাৰ আঁৰৰ কাৰণ বিচাৰি আৰক্ষীৰ অনুসন্ধান অ...

June 11, 2025 9:20 AM

views 19

ছুইডেনৰ ষ্টকহোমত নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বৈঠক

মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ছুইডেনৰ ষ্টকহোমত আন্তঃৰাষ্ট্ৰীয় আই ডি ই এ সন্মিলনত অংশ লোৱাৰ সুযোগতে নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ জৰিয়তে নিৰ্বাচন ব্যৱস্থাপনা আৰু গণতান্ত্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই দ্বিপাক্ষিক বৈঠকত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কেইবাটাও নির্বাচন ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী তথা শীৰ্ষ বিষয়াসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় নির্বাচনী অভিজ্ঞতা আৰু উদ্ভাৱনক সামৰি ...