April 3, 2024 8:29 PM April 3, 2024 8:29 PM

views 25

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম'বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে আজি বগৰীজেঙৰ আৰক্ষী ছাউনী খেলপথাৰত বুজন পৰিমাণৰ মাদক দ্রব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত ২ কোটি ৯৩ লাখ টকাৰ...

April 3, 2024 8:27 PM April 3, 2024 8:27 PM

views 15

ৰাজ্যজুৰি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

♦ অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাও অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চবিহু উদযাপনৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে প্রস্তুতি চলাইছে। মৰিগাঁও জিলাৰ জাগীৰোডত এইবেলিও বিহুনাচ আৰু ঢোলবাদনৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাত অর্ধ শতাধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশ ...

April 3, 2024 8:30 PM April 3, 2024 8:30 PM

views 15

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্রস্তুতি তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল'গান গা...

April 3, 2024 6:32 PM April 3, 2024 6:32 PM

views 14

কৃপানাথ মল্লাৰ হৈ কৰিমগঞ্জত মুখ্যমন্ত্রীৰ প্ৰচাৰ

◊ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত আজি শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈকে সকলোকে আহ্বান জনায়। আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমর্থনত আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভা...

April 3, 2024 1:52 PM April 3, 2024 1:52 PM

views 12

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ ৭ এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্রতিযোগিতা

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানে বিগত বছৰসমূহৰ দৰে এই বছৰো ৭ এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰিছে। এইবাৰ হাফ মাৰাথনৰ বিষয়বস্তু হৈছে -ৰান ফৰ ক্লীনাৰ টুমৰো। গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনৰ আয়োজক সমিতিয়ে এই কথা সদৰি কৰে। তেওঁলোকে জনোৱা মতে, গুৱাহাটীৰ সৰুসজাই স্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা সেইদিনা পুৱা ৫ বাজি ১৫ মিনিটত হাফ মাৰাথন আৰম্ভ হ'ব। ৰান ফৰ ক্লীনাৰ টুমৰো বিষয়বস্তুৰ জৰিয়তে গুৱাহাটীৰ পৰিস্কাৰ পৰিচ্ছ...

April 3, 2024 1:27 PM April 3, 2024 1:27 PM

views 37

এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান

♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও কাৰ্যালয়টোৰ পৰা ভালেমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ জব্দ কৰি নিয়ে। বিশেষ সূত্ৰৰ বাতৰি অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত অনুষ্ঠিত ৰা...

April 3, 2024 12:59 PM April 3, 2024 12:59 PM

views 61

২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী

অহা ২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নির্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মে' মাহত ঘোষণা কৰা হয়। কিন্তু এইবাৰ পূৰ্বতকৈ আগতে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱ...

April 3, 2024 12:06 PM April 3, 2024 12:06 PM

views 81

তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা

♦ ৰাজ্যত তিনিটা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্রশাসনে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত সুকীয়াকৈ এই নির্দেশনা প্রযোজ্য হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচৰ বাবে অহা ২৬ এপ্ৰিলত দৰং- ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত প্রশাসনে স্থ...

April 3, 2024 1:57 PM April 3, 2024 1:57 PM

views 40

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

♦ ৰাজ্যত অহা ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কালি ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াকেলৈ এই পৰ্যায়ৰ বাবে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা ১১ লৈ বৃদ্ধি পাইছে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী কৃপানাথ মল্লাই আজি মনোনয়ন দাখিল কৰিব। প্ৰাৰ্থী মল্লাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সংগ দিব। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ সৈতে সংগতি ৰাখি কৰিমগঞ্জ জিলা বিজেপিৰ উদ্যোগত কৰিমগঞ্জ মহাবিদ্যালয...

April 2, 2024 7:31 PM April 2, 2024 7:31 PM

views 18

প্রথম পর্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া আৰম্ভ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট নির্বাচনী জিলাত এবছেণ্টি ভোটদাতাসকলৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত প্রথম পর্যায় অর্থাৎ ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া অব্যাহত থাকিব। উল্লেখযোগ্য যে ৮৫ বছৰৰ উৰ্ধৰ ভোটদাতা আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলক এবছেণ্টি ভোটদাতাৰ তালিকাত সন্নিৱিষ্ট কৰি ঘৰতে ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত যিসকল ব্যক্তিয়ে 12-D প্ৰ-পত্ৰ পূৰণ কৰিছে, তেওঁ...