April 7, 2024 12:50 PM
36
প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ
প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ডিব্ৰুগড় সমষ্টিৰ দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্রী, বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ লগতে ভালেসংখ্যক নেতাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে। ইপিনে, যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। সৰ্বানন্দ সোনোৱালে আজি নিজ সমষ্ট...