May 4, 2024 12:41 PM

views 21

কাইলৈ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ গ্ৰন্থ উন্মোচনী সভা

♦ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ এখন গ্ৰন্থ উন্মোচনী সভা কাইলৈ দিনৰ ১১ বজাত চি কে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। নতুন দিল্লীৰ মহাসচিব হিমন্ত ধিং মজুমদাৰক অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ইতিহাস বার্তা নামৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

May 4, 2024 12:29 PM

views 15

কোভিডৰ সময়ছোৱাত টীকা লোৱা লোকৰ মাজত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক দলৰ গৱেষণা চলোৱাৰ সিদ্ধান্ত

◊ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাই নিজাববীয়াকৈ কোভিড সময়ছোৱাত টীকা লোৱা লোকৰ মাজত গৱেষণা চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সম্পর্কে চিকিৎসা মহাবিদ্যালয়খনৰ গৱেষক ছাত্র ডা০ শ্যামজিৎ লক্ষ্মণে জানিবলৈ দিয়ে যে কোভিডৰ টীকা লোৱাৰ পাছত আকস্মিক আৰু অস্বাভাৱিকভাৱে মৃত্যু হোৱা বা নোহোৱা সন্দৰ্ভত পুংখানুপুংখভাৱে গৱেষণা কৰা হ'ব। কোভিডৰ টীকাৰ পাৰ্শ্বক্ৰিয়াক লৈ অব্যাহত থকা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত মাহৰ দ...

May 11, 2024 6:46 PM

views 28

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে। শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই সংবাদ মেলযোগে কয় যে ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই থকা হৈছে। আজি ফলাফল ঘোষণা কৰা হ'ব বুলি ওলোৱা জাননীখনক তেওঁ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে। ফলাফলক লৈ দুষ্টচক্ৰই চলোৱা অপপ্ৰচাৰত তেওঁ গৰিহণা দিয়ে। আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত স্থান থাকিব নে নাই, সেই সিদ্ধান্ত পৰীক্ষা সমিতিয়ে ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰ...

May 11, 2024 6:45 PM

views 23

৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনৰ প্রস্তুতি

♦অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। ভোটগ্রহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলাখনক ১০৩ টা ছেক্টৰত ভাগ কৰা হৈছে। নির্বাচন পৰিচালনাৰ বাবে মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষীৰ ছেক্টৰ বিষয়াসকলৰ লগত জিলা প্রশাসনে বিয়লি ভোটগ্ৰহণৰ চূড়ান্ত প্ৰস্তুতিৰ বিষয়ে এখন সভা অনুষ্ঠিত কৰে। সভাত ভোটগ্রহণকাৰী বিষয়াসকলক গোৱালপাৰা জিলা আয়ুক্তৰ চৌহদৰ ই ভি এম বিতৰণ স্থানৰ পৰা ভোটগ্রহণ কেন্দ্ৰলৈ লৈ যোৱা আৰু ভোটগ...

May 4, 2024 11:45 AM

views 18

মাজত মাথোঁ এটা দিনঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমর্থিত ইউ প...

May 3, 2024 11:50 AM

views 32

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই দুখন গাড়ীৰ পৰা হে'ৰইনখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা উজনি অসমলৈ অনা হৈছিল।

May 3, 2024 11:38 AM

views 46

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জন জীৱন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়েও ধুমুহা, ব্রজপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। জিল...

May 3, 2024 11:36 AM

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ MBBSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

◊ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে MBBSৰ চূড়ান্ত পৰীক্ষাত ফলাফল কালি ঘোষণা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে ঘোষণা কৰা চূড়ান্ত পৰীক্ষাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে শীর্ষ ২০ স্থানৰ ভিতৰত ৭টা স্থান দখল কৰিবলৈ সক্ষম হৈছে। কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী কেইগৰাকী হৈছে বিক্ৰম সূত্ৰধৰ, মধুসুদন কলিতা, বিদিশা ৰয়, ইভলিনা যোগী, আমান আহমেদ, ৰক্তিম হাজৰিকা আৰু জ্ঞানদীপ চহৰীয়া। উল্লেখ্য যে বিক্ৰম সূত্ৰধৰে মেডিচিন, চাৰ্জাৰী বিষয়ত সন্মানসহ দ্বিতী...

May 3, 2024 11:33 AM

views 23

গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ

◊ গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। পিপ্‌ল ফৰ দ্য ইথিকেল ট্রিটমেণ্ট অব্ এনিমেলছ চমুকৈ পেটা নামৰ সংগঠনটোৱে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্রদান কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে কেবিনেট সিদ্ধান্তযোগে এছ অ’ পি জাৰি কৰি মাঘ বিহুৰ সময়ত ম’হযুঁজ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।

May 3, 2024 11:27 AM

views 24

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।