February 24, 2025 7:07 PM
23
প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে
প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যখনৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই অভিলাসী আঁচনিৰ জৰিয়তে কৃষকসকলক প্রত্যক্ষ আর্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰত আয়োজিত কিষাণ সম্মান সমাৰোহত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ ৯ কোটি ৮ লাখৰো অধিক কৃষকৰ বাবে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তিত ২২ হাজাৰ কোটি টকা আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশৰ বিভিন্ন...