February 12, 2025 4:38 PM February 12, 2025 4:38 PM

views 12

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয়

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয় কৰিছে। উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহৰ মহিলাৰ ল'ন বলৰ ডাবলছত সোণৰ পদক অৰ্জন কৰি ক্রীড়াবিদগৰাকী এই কৃতিত্বৰ অধিকাৰী হয়। একেদৰে ৰাজ্যৰ আন এগৰাকী ল'নবল খেলুৱৈ বনগীতাই সৰ্বাধিক ৰাষ্ট্ৰীয় ক্রীড়াত অংশ লোৱাৰ অভিলেখ গঢ়িছে।২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহত অংশ লৈ খেলুৱৈ জীৱনৰ পাতনি মেলা বনগীতাই ক্রমাগত ৬টা সংস্কৰণত অসমক প্ৰতিনিধিত্ব কৰিছে আৰু প...

February 12, 2025 4:31 PM February 12, 2025 4:31 PM

views 14

আজি মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰ পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী...

February 7, 2025 8:53 PM February 7, 2025 8:53 PM

views 13

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...

January 31, 2025 11:18 AM January 31, 2025 11:18 AM

views 3

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত টাইজিকোৱন শাখাত অসম দলৰ ছানমা ব্ৰহ্মৰ ৰূপৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ফুটবল দলে জয়ৰে অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস্ত কৰে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উন্মুৰ পুৰুষৰ টাইজিকোৱন শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্ৰা পাং য়িং আৰু ৫৬ কিলোগ্ৰাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত কৰিছে।অসমৰ মহিলা ব...

January 31, 2025 10:51 AM January 31, 2025 10:51 AM

views 9

আজি মে-ডাম-মেফি

● আজি মে-ডাম-মেফি৷ আহোম জনগোষ্ঠীয় লোকসকলে পৰম্পৰা ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে।টাই-আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্রশাসন তথা বৃহত্তৰ কেন্দ্রীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্রী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে এই অনুষ্ঠান পালন কৰা হ'ব। দিনৰ ১ বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক ...

January 30, 2025 2:17 PM January 30, 2025 2:17 PM

views 6

অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। এৰালতলী পথাৰত প্ৰায় ১২ হাজাৰ বিঘা ভূমি আৱৰি নিৰ্মাণ কৰা অধিৱেশনস্থলীত আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি চলাইছে।

January 30, 2025 11:02 AM January 30, 2025 11:02 AM

views 18

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। নতুন দিল্লীৰ ফাষ্ট এডুকেচন ফাউণ্ডেচন নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে। এই প্রতিবেদন প্ৰকাশ হোৱাৰ পাছতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰি কয়, যে প্রাক-বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি ৯০ শতাংশৰ ওচৰ চাপিছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ ৯৯ শতাংশই বিদ্যালয়ত নামভৰ্তি কৰিছে। চৰকাৰী বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ প্ৰতি শিক্ষাৰ্থী আগ্ৰহী হোৱা দেখ...

January 30, 2025 2:19 PM January 30, 2025 2:19 PM

views 21

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান আগবঢ়োৱা হ'ব। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যচাৰ্য সন্মানেৰে বিভূষিত কৰা হ'ব। বিশিষ্ট কবি সাহিত্যিক আনিছ উজ জামানক জাতীয় কবি উপাধি প্ৰদান কৰাৰ লগতে সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত আজি দিনৰ ১১ বজাত অসম সাহিত...

January 28, 2025 9:06 PM January 28, 2025 9:06 PM

views 10

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে বৰপেটাত বাছনি শিবিৰৰ আয়োজন

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ ৩৩১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম ক্রিকেট সন্থাৰ শীৰ্ষ কৰ্মকৰ্তাৰ উপস্থিতিত সন্থাৰ কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ খেলৰ বিভিন্ন দিশ পৰীক্ষা কৰে। এই শিবিৰৰ পৰা ১৫ ...

January 28, 2025 9:00 PM January 28, 2025 9:00 PM

views 9

পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সামৰণি

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আজি সামৰণি পৰে। গুৱাহাটীৰ নাৰেঙ্গীৰ কেন্দুগুৰি জ্যেষ্ঠ নাগৰিক উন্নয়ন সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অভিজ্ঞ চিকিৎ‍সকৰ দ্বাৰা কেব চালক তথা পৰিয়ালৰ চকু, কাণ, ৰক্তচাপ আৰু মধুমেহৰ পৰীক্ষাৰ কৰাৰ লগতে বিনামূলীয়াকৈ চশমা, ঔষধ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে কালি আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰ কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস আৰু অল আছাম...