May 25, 2024 6:30 PM May 25, 2024 6:30 PM
19
গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি
গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দিনৰ ১২ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ ব...