May 30, 2024 2:28 PM May 30, 2024 2:28 PM
16
আজি অসম মাধ্যমিক শিক্ষা পৰিষদে ‘ছেবা ছাৰ্ভিচ’ প’ৰ্টেল মুকলি কৰিব
অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ছেবা ছাৰ্ভিচ প’ৰ্টেল মুকলি কৰিব। সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ এই প'ৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত ছেবাৰ সচিবে স্বাক্ষৰ কৰা জাননীখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰথম গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা, দ্বিতীয় গোট পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবা ছাৰ্ভিচ প'ৰ্টেলত আপলোড কৰিবলৈ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা দিয়া হৈছে। নৱম শ্ৰেণীৰ নম্বৰসমূহ অন্তৰ্ভুক্তিৰ বাবে প'ৰ্টেলটো অহা ৩০ জুনলৈ ম...