June 1, 2024 6:38 PM June 1, 2024 6:38 PM

views 17

বৰাক উপত্যকাত বানত ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ অতিৰিক্ত দল প্ৰেৰণ

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা ৰাজহ চক্ৰৰ অধীনস্থ ৫৬০ খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত...

June 1, 2024 6:16 PM June 1, 2024 6:16 PM

views 8

চলিত পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পর্যটন বৰ্ষৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্রকাশ কৰা মতে, এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ ৫ জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট-পথ সূচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ চাফাৰীৰ সুবিধা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ প...

June 1, 2024 2:13 PM June 1, 2024 2:13 PM

views 16

ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লগতে কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰত

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা বাজহ চক্ৰ অধীনস্থ ৫৬০খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে।...

June 1, 2024 2:06 PM June 1, 2024 2:06 PM

views 11

বৰাক উপত্যকাত সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে টি ডি চি আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে স্থগিত

বৰাক উপত্যকাৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু একাংশ মহাবিদ্যালয়ত বানপীড়িত সকলৰ বাবে সাহায্য শিবিৰ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত আজি অনুষ্ঠিত হ'বলগীয়া টি ডি চি আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে স্থগিত ৰখা হৈছে। অৱশ্যে অহা ৬ জুনৰ পৰা হ'বলগীয়া বাকী সকলো পৰীক্ষা নির্ধারিত সময়মতেই অনুষ্ঠিত হ'ব বুলি অসম বিশ্ববিদ্যালয় কর্তৃপক্ষই এটা বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে। ইপিনে শেহতীয়া বান পৰিস্থিতিৰ বাবে নগাঁও জিলা আয়ুক্তই কামপুৰ ৰাজহ চক্ৰৰ লগতে আ...

June 1, 2024 1:10 PM June 1, 2024 1:10 PM

views 17

ৰাজ্যত সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত ২৫টা ৰাজহ চক্ৰৰ মুঠ ৫৬০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু ৪ হাজাৰ ৯০০ৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাট আৰু অন্য আন্তঃগা...

May 31, 2024 7:46 PM May 31, 2024 7:46 PM

views 12

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাৱ্য পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত পর্যালোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ সকলো সদস্যক নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ লগতে অনাগত দিনত জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাজপথত সুৰাপান কৰি যান-বাহন চলোৱা ...

May 31, 2024 7:28 PM May 31, 2024 7:28 PM

views 14

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

May 31, 2024 6:03 PM May 31, 2024 6:03 PM

views 12

সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পলন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰচনা প্রতিযোগিতাও অনুষ্ঠিত হয়। বৰপেটা জিলা স্বাস্থ্য বিভাগ আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতালেও এই দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত এটা সমদল উলিওৱা হয়...

May 30, 2024 2:38 PM May 30, 2024 2:38 PM

views 12

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে ক...

May 30, 2024 2:31 PM May 30, 2024 2:31 PM

views 23

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে'ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে'লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে'লৱে কিছুসংখ্যক ৰে'লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশিকভাৱে বাতিল নাইবা পুনৰ সময় নিৰ্ধাৰণ কৰিবলগীয়া হয়। নিউ হাফলঙৰ পৰা বান্দৰখাললৈ ৰে'ল পথৰ ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইখনমান ৰে'লৰ যাত্ৰা আংশিকভাৱে বাতিল ...