June 8, 2024 2:01 PM

views 24

শোণিতপুৰৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগৰ খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ

শোণিতপুৰ জিলাৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে চলোৱা খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ হৈছে। এই খননত এটা ভগ্ন শিলৰ মন্দিৰৰ ধ্বংসাৱশেষৰ লগতে আন কেতবোৰ পৌৰাণিক সামগ্রী উদ্ধাৰ হৈছে। সামগ্ৰীসমূহ ষষ্ঠ শতিকাৰ শালস্তম্ভ বংশৰ পৰা আহোম ৰাজত্বকালৰ ভিতৰৰ সময়ৰ বুলি প্ৰত্নতত্ত্ব বিভাগ নিশ্চিত হৈছে। উল্লেখযোগ্য যে শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰক ধৰ্মীয় স্থান তথা পর্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই অনুসৰি গুপ্তেশ্বৰ দেৱালয়ৰ পূৰ্বতে থকা তিনিটা নামঘৰ পুন...

June 8, 2024 1:59 PM

views 28

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত শ্ৰী বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে...

June 4, 2024 9:06 PM

views 40

নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায...

June 4, 2024 4:25 PM

views 67

ৰাজ্যত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত ৪ গৰাকী লোক সন্ধানহীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰ...

June 2, 2024 1:13 PM

views 22

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰ কালি অন্ত পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটার্নিং বিষয়া সুমিত ছাত্তাৱনে ভোট গণনাত নিয়োজিত বিষয়াসকলক নিজৰ দায়িত্ব তথা কর্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ বাবে অহা ৪ জুনত তিনিটা ভোটগণনা...

June 1, 2024 8:15 PM

views 24

ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শ‍ইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শ‍ইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী আজি সন্থাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয়। শ্রমিক নেতা তথা প্রাক্তন বিধায়ক প্রয়াত শ‍ইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে শ্রদ্ধাঞ্জলি অনুষ্ঠানবো আয়োজন কৰা হয়।

June 1, 2024 8:12 PM

views 29

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক সজাগতা সভা

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকে।

June 1, 2024 8:08 PM

views 24

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ প্রতিনিধি দলৰ শিশু গৃহ পৰিদৰ্শন আৰু পর্যালোচনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ এটা প্রতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইৰ শিশু গৃহ পৰিদৰ্শন কৰি শিশু সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ পর্যালোচনা কৰি বিশেষ প্রতিবেদন প্রস্তুত কৰিছে। সমিতিৰ সদস্য ববিতা শ‍ইকীয়া, সুনন্দা দাস আৰু সুবোধ দাসে আজি গোৱালপাৰা জিলাৰ জি ভি এছ শিশু গৃহ পর্যবেক্ষণ কৰে। তদুপৰি তেওঁলোকে কালি মানকাচৰ জিলাৰ বেজা শিশু গৃহ আৰু এটা বিশেষ দত্তক প্রতিষ্ঠান পৰিদর্শন কৰে। তেওঁলোকে শিশু গৃহৰ শিশুসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে শিশু ন্যায় আৰু সুৰক্ষা আইন ২০১৫ৰ শুদ...

June 1, 2024 8:04 PM

views 21

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবীৰ ষড়যন্ত্ৰৰ ফলত অ এন জি চিৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চল...

June 1, 2024 6:42 PM

views 29

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সপ্তম প্রতিষ্ঠা দিৱস উদযাপন

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সপ্তম প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। এই অনুষ্ঠানত মাজুলী, কিছু অনালোচিত দিশ শীর্ষক বিষয়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য তথা ইতিহাসবিদ ড° ডম্বকধৰ নাথে বক্তৃতা দিয়ে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শীৰ্ষ গীতটি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক জাহ্নবী গগৈয়ে।