June 13, 2024 6:20 PM

views 35

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত ১২ জন লোকক আটক কৰে। আৰক্ষীয়ে মায়ং, লাহৰিঘাট, ভুৰাগাঁও, বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পানকাৰ্ড, আধাৰকাৰ্ড, মোবাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে। মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে ৷ জিলাখনৰ মায়ং থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে দু...

June 13, 2024 6:10 PM

views 32

মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎ‍সালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয়।

June 13, 2024 6:06 PM

views 24

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানীযোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আ...

June 12, 2024 2:18 PM

views 26

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে, ৰাজ্যৰ মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে এহেজাৰ টকাকৈ লাভ কৰিব। গৰমৰ বন্ধৰ দুটা মাহক বাদ দি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমগ্ৰ সময়ছোৱাত প্ৰতি মাহৰ ১১ তাৰিখে সংশ্লিষ্ট ছাত্ৰীগৰাকীৰ একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰি তেওঁ লগতে ...

June 12, 2024 1:30 PM

views 21

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ পীয়ুষ গোৱেলৰ

নতুন দিল্লীত কালি পীয়ুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শক্তিশালী আৰু উন্নয়নমুখী শাসন ব্যৱস্থাই সমগ্ৰ দেশতে প্ৰগতিৰ ঢৌৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে সকলো নাগৰিকৰ কল্যাণৰ হকে অদম্যতাৰে কাম কৰাৰ বাবে মন্ত্রালয় দায়বদ্ধ বুলি মন্তব্য কৰে। অটল অক্ষয় উৰ্জা ভৱনত প্ৰহ্লাদ যোশীয়ে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ উপৰি নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত...

June 12, 2024 1:09 PM

views 20

গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসমৰ চাহবাগিচাসমূহৰ লোকসকলৰ স্বাস্থ্য সেৱা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কালি গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে হন্স ভ্রাম্যমাণ চিকিৎসা ইউনিট প্রকল্পই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু প্ৰতিৰোধমূলক যত্নসেৱা প্ৰদান কৰাৰ বাবে স্বাস্থ্য সেৱা পেছাদাৰীসকলৰ সৈতে ৪৫খন উন্নত মানৰ এম্বুলেন্সৰ যোগান ধৰিব।

June 12, 2024 12:53 PM

views 31

১ জুলাইত গোৱালপাৰা জিলা দিৱস উদযাপন

অহা ১ জুলাইত গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে জিলা প্ৰশাসনে জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰে।

June 8, 2024 2:29 PM

views 15

নেহেৰু ষ্টেডিয়ামত কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানত পৰাস্ত

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কালি ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লোৱা ধেমাজিয়ে এটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। বিজয় বিশাল লক্ষ্য সন্মুখত লৈ কৰিমগঞ্জে মাত্র ২৪ ৰানতে ইনিংছ সামৰিব লগা হয়। খেলখনত ধেমাজিৰ হেমলতা পায়েঙে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে প্রিয়াংশী দত্তই শ্রেষ্ঠ বলাৰ আৰু ফ্লৰিনা টায়েই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

June 8, 2024 2:16 PM

views 35

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ স্বাস্থ্য মন্থন-১২ শীর্ষক কর্মশালা তথা পর্যালোচনা সভা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য মন্থন ১২ শীর্ষক এখন কর্মশালা তথা পর্যালোচনা সভা অনুষ্ঠিত হৈছে। কালি কর্মশালাখন উদ্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মীপ্রিয়াই ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ সামগ্ৰিক প্ৰদৰ্শন প্রকাশ কৰে। কৰ্মশালা আৰু পর্যালোচনা সভাত শ্রেষ্ঠ প্ৰদৰ্শনকাৰী জিলাসমূহক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত জিলা স্বাস্থ্য বিষয়াসকলৰ প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা ...

June 8, 2024 2:06 PM

views 27

যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস কালি যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সহযোগত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত স্মৃতি দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচীত কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু দৰ্শনৰ সম্পৰ্কে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অদিতি বেজবৰুৱাই বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গল্পকাৰ আশিস ঘাটোৱাৰ...