June 14, 2024 6:51 PM June 14, 2024 6:51 PM
25
নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ড০ শৰ্মাই কয় যে, ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত এহেজাৰ ...