June 21, 2024 1:01 PM

views 29

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবাবু সিন্হা আৰু সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

June 21, 2024 12:51 PM

views 1

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰেপৰা ৩০ জুনলৈ...

June 21, 2024 12:37 PM

views 26

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীনঃ মুখ্যমন্ত্রী

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত কালি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত শেহতীয়াকৈ ২২ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৬৭টা ৰাজহ চক্ৰৰ এহেজাৰ ৩০০খনৰো অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰ...

June 21, 2024 12:32 PM

views 31

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়মিত যোগাভ্যাস শৰীৰৰ লগতে ব্যক্তিৰ মনৰো উৎকৰ্ষ সাধন কৰে। লগতে সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে অভিভাৱকসকলক নিজৰ সন্তানকো যোগসাধনাৰ বাবে অনুপ্রাণিত ...

June 18, 2024 8:19 PM

views 25

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰকাশ কৰি কয় যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াৰ পত্নীৰ বিয়োগৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত কৰে। এই ঘটনা অসম আৰক্ষী শোকস্তব্ধ হৈ পৰিছে বুলি শ্ৰী সিঙে মন্তব্য কৰে। উল্লেখযোগ্য যে ২০০৯ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া চেতিয়াই বিভিন্ন জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল৷

June 18, 2024 6:26 PM

views 26

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে-নিজৰ লগতে সমাজৰ বাবে যোগ। দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে তেজপুৰৰ বায়ুসেনা শিবিৰ আৰু শোণিতপুৰৰ দেবেন্দ্ৰনগৰত থকা সীমান্ত সুৰক্ষা বলৰ ৬৮ বেটেলিয়নত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। তেজপুৰৰ বায়ুসেনা শিবিৰত অনুষ্ঠিত যোগ প্ৰশিক্ষণ...

June 18, 2024 5:27 PM

views 24

IIT খড়গপুৰৰ ছাত্ৰাবাসত তিনিচুকীয়াৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই IIT খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পন কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে আজি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীলৈ জৰুৰীপত্ৰ প্ৰেৰণ কৰিছে।

June 18, 2024 5:06 PM

views 22

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত এই পর্যন্ত ১৪খন জিলাৰ ১ লাখ লোক বানত ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক...

June 15, 2024 12:31 PM

views 13

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কালি সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে। এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত কালি চুৰি মোবাইল ফোন প্ৰসংগক লৈ আয়োজন কৰা এক আলোচনাত তেওঁ কয় যে, বিগত ১০ দিন ধৰি মহানগৰীত অভিযান চলোৱাৰ পিছতে মুকলি অপৰাধ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। নিৰ্বাচনৰ পাছত মুকলি অপ...

June 15, 2024 12:28 PM

views 31

গুৱাহাটী পৌৰ নিগমৰ ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয়

গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু আৱৰ্জনামুক্ত কৰি ৰখাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয় কৰিছে। লগতে আৱৰ্জনা সংগ্ৰহৰ বাবে ৬.৬৯ কোটি টকা ব্যয়ৰে ৬০খন ই-বাহন ক্ৰয় কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠৰ যানশালাৰ কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাবে পথ পৰিস্কাৰ কৰা মেচিন আৰু ই-বাহন মুকলি কৰে। মেয়ৰ মৃগেন শৰণীয়াই বাহনকেইখন মুকলি কৰি গুৱাহাটী মহানগৰীক পৰিস্কাৰ আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত এই অত্যাধুনিক পথ পৰিস্কাৰ কৰা মেচিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ ...