July 4, 2024 6:40 PM

views 52

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগতে প্রায় ৪০ হাজাৰ হেক্টৰ কৃষি ভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এই বানত নগাঁও, কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে...

July 2, 2024 8:02 PM

views 28

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন

গ্রীষ্ম বন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্রসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকর্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থা লৈছে। ইয়াৰ অধীনত কালিৰে পৰা চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত শিক্ষাৰ্থীসকলক লৈ প্ৰতিটো বিধানসভা সমষ্টিত কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত নাটক, সত্ৰীয়া নৃত্য, লোকনৃত্য, পৰম্পৰাগত নৃত্...

July 2, 2024 7:52 PM

views 19

কাইলৈ আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা-সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নিৰ্দ...

July 2, 2024 10:37 AM

views 142

সম্প্ৰতি বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

■ ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আছে। বৰ্তমানলৈকে ৰাজ্যত ১৩৬ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে আৰু ইয়াত ৮ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। বিভিন্ন ঠাইত বাঢ়নী পানীয়ে কেইবাটাও পথ খহাই নিয়াৰ লগতে বিভিন্ন ঠাইত পথৰ ওপৰে...

June 28, 2024 8:02 PM

views 37

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰাজহ চক্ৰত ৭১খন গাঁও, কৰিমগঞ্জ সদৰ চক্ৰৰ অন্তৰ্গত ৮৭খন গাঁও, বদৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৫খন আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১খন গাঁও পানীত বুৰ গৈছে। তাৎপর্যপূর্ণভাৱে এইবাৰৰ ভয়াবহ বানৰ ফলত জিলাখনৰ...

June 28, 2024 6:48 PM

views 28

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত ২০ লাখ ঘৰৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে...

June 28, 2024 6:33 PM

views 34

জাগীৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ, জাগীৰোড মহাবিদ্যালয় ছাত্র একতা সভা, য়ুথ ৰেড ক্ৰছ এছোচিয়েচনৰ উদ্যোগত ৰক্তদান শিবিৰ

মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ, জাগীৰোড মহাবিদ্যালয় ছাত্র একতা সভা, য়ুথ ৰেড ক্ৰছ এছোচিয়েচনৰ উদ্যোগত আজি জাগীৰোডত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত জাগীৰোড মহাবিদ্যালয়ত আয়োজন কৰা এই শিবিৰত কেইবাগৰাকীও ব্যক্তিয়ে ৰক্তদান কৰে। এই শিবিৰত জাগীৰোডৰ আন আন কেইবাটাও সংগঠনে সহযোগিতা আগবঢ়াইছে।

June 28, 2024 6:19 PM

views 22

নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বি টি আৰ প্ৰধানগৰাকীৰ লগতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, স্থানীয় বিধায়ক জলেন দৈমাৰী, কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ এই বৈঠকত কাঠফুলা, সৰিয়হ, ষ্ট্ৰবেৰীকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ কৃষি কাৰ্যৰ লগতে মৌ পালন তথা গাহৰি পালনকে আদি কৰি বিভিন্ন...

June 28, 2024 6:04 PM

views 23

মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম-অৰুণাচলৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূর্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ বাবে ক্ষীপ্ৰতাৰে তথ্যৰ আদান-প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন ৰাজ্যৰ বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

June 28, 2024 12:38 PM

views 22

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ ‘Youth for Rural Re-construction’ শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ দওধাৰা, কামাৰ্দৈছা আৰু ৰান্ধনিপাৰা গাঁৱত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ পৰা ‘Youth for Rural Re-construction' শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ভূটান সীমান্তত সংলগ্ন হৈ থকা এই গাঁও তিনিখনত গাঁও অঞ্চলৰ পৰ্যটন, স্বাস্থ্য সেৱা, বড়ো জনজাতিৰ হস্ততাঁত আদিকে ধৰি বিভিন্ন দিশত এই কাৰ্যসূচীত গুৰুত্ব দিয়া হৈছে। অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰববী অধ্যাপক অন্দিম তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্...