August 21, 2024 12:08 PM
65
অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
■ অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্র ২৭৩টা। আনহাতে ছামগুৰি সমষ্ট...