September 13, 2024 5:24 PM

views 25

সোণাপুৰৰ জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছেঃ জি পি সিঙ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰী সিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলীত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি ২২ গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্...

September 12, 2024 12:29 PM

views 14

১৫ ছেপ্তেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ব

ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২...

September 12, 2024 10:14 AM

views 21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পর্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ...

September 12, 2024 10:05 AM

views 19

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন,...

September 11, 2024 1:21 PM

views 32

অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ ৰাজ্য চৰকাৰৰ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্রতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্রক্রিয়া নিশ্চিতকৰণৰ অর্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূর্বে প্রশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্রী কৰা, সমাধান কৰা, প্রশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰী...

September 7, 2024 7:56 PM

views 13

মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী

মাজুলী জিলাৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি জিলা আবকাৰী বিভাগ আৰু মাদক দ্রব্য নিবাৰণী পৰিষদৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। জেংৰাইমুখ, ৰঙাচাহী মহাবিদ্যালয়, কমলাবাৰী চাৰিআলি আৰু গড়মূৰ চিভিল তিনিআলিত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰা হয়। ইফালে জিলাখনৰ কৃষি বিভাগে আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

September 7, 2024 7:52 PM

views 16

বঙাইগাঁও জিলা আয়ুক্তৰ সভাপতিত্বত বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভা অনুষ্ঠিত

বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভাখন আজি জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়াভাৱে কৰিবলগীয়া জলজীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আদিৰ কামসমূহ উভয় বিভাগক সমন্বয়ৰে কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জিলা পশুপালন বিষয়াক জিলাখনৰ মূলাগাঁও আৰু আটুগাঁৱত প্ৰথম পৰ্যায়ৰ ইগ ভিলেজ হিচাপে গঢ়ি তোলাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ কয়। তদুপৰি জিলাখনক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো বিভাগকে দক্ষতাৰে কাম কৰ...

September 7, 2024 7:35 PM

views 39

গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত মন্ত্রী যোগেন মহন

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে আজি গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত থাকে। মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফলতাৰ পাছত গ্ৰহণ কৰিবলগীয়া তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত যোগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যখনৰ চাহ জনগোষ্ঠী, খিলঞ্জীয়া লোক আৰু বহুকেইটা প্ৰজন্মৰ পৰা ৰাজ্যখনৰ বসবাস কৰি...

September 7, 2024 6:12 PM

views 15

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় ৰীতি-নীতিৰে গণেশ পূজা পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধি দাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ লতাশিল, গণেশগুৰি আৰু খানাপাৰাৰ গণেশ মন্দিৰত পুৱাতে সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। গণেশ চতুর্থী উপলক্ষে গণেশ মন্দিৰসমূহত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কামাৰদ...

September 6, 2024 6:29 PM

views 13

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্রালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ অধীনত বছৰৰ ছেপ্তেম্বৰ মাহটোত পোষণ মাহ হিচাপে পালন কৰা হয় বুলি প্ৰকাশ কৰি, পুষ্টিহীনতা দূৰীকৰণ সন্দৰ্ভ...