July 24, 2025 6:55 PM

views 35

কাছাৰৰ কালাইনৰ সিন্দূৰা বনভোজথলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ

কাছাৰ জিলাৰ কালাইনৰ সিন্দূৰা বনভোজথলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যোৱা দেওবাৰে সিন্দূৰা নৈত পৰি শ্ৰীভূমিৰ দুজন যুৱকৰ মৃত্যুৰ পাছতে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্রহণ কৰে। কাটিগড়া ৰাজহ চক্ৰৰ অন্তৰ্গত এই বনভোজথলীত প্ৰয়োজনীয় নিৰাপত্তাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে সেই ঠাইত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। জিলা আয়ুক্ত মৃদুল যাদৱে এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰি কয় যে প্রয়োজনীয় সাৱধানতা অবিহনে এনে স্থানত জনসাধাৰণে মুক্তভাৱে ঘূৰা-ফুৰা কৰাৰ ফলত বিপদৰ সন্মুখীন হ'ব পাৰে।...

July 11, 2025 11:04 AM

views 30

ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত

● ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত আছে। কালিৰ দিনটোত এনে অভিযানৰ অধীনত মুঠ পাঁচজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰক্ষীয়ে বাহানাৰ অমৰজ্যোতি নাথ আৰু জেইল ৰোডৰ অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজন হোমিঅ' চিকিৎসক যদিও মেডিচিন বিশেষজ্ঞ হিচাপে ৰোগীক চিকিৎসা কৰি আহিছে। আৰক্ষীয়ে ভুৱা চিকিৎসক দুজনক জেৰা কৰি আছে। একেদৰে নগাঁৱৰ চিকনিৰ পৰা পংকজ দাস নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। জুৰীয়া দগাঁৱতো কালি আৰক্ষীয়ে বিমল সূত্ৰধৰ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ধৃত চিকিৎসকজ...

June 24, 2025 12:39 PM

views 32

স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা

■ ৰাজ্যৰ হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্কো কালি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ'ব লাগিব। প্রার্থীসকলক মার্কশিটৰ লগতে নথি পৰীক্ষণৰ এডমিট কার্ডো প্ৰদান কৰা হৈছে।

May 29, 2025 7:58 PM

views 21

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দংৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বহৰি, বাঘবৰ সংযোগী মথাউৰিটোত বিগত এমাহ ধৰি হোৱা খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰাত জিলাখনৰ বৃহৎ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জল সম্পদ বিভাগৰ বৰপেটা সংমণ্ডলে জৰুৰীকালীন বপ্যৱস্থাৰ অংশ হিচাপে খহনীয়া অব্যাহত থকা অংশত জিঅ' বেগ সংস্থাপন কৰি প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবলৈ তৎপৰতা অব্যাহত ৰাখিছে...

May 23, 2025 12:25 PM

views 23

শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ’ব

আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষ্যৰে গঠিত অংকুৰিত অসমৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলক উৎসাহিত কৰাৰ বাবে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ'ব। কৃষি, উদ্যান শস্য, মীন পালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পশুপালন আৰু কৃষি উদ্যমী এই ৬ টা শিতানত বঁটাসমূহ প্ৰদান কৰা হ'ব। তিনিগৰাকীকৈ শ্ৰেষ্ঠ কৃষকক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। এই অনুষ্ঠানতে অংকুৰিত অসম কৃষক ৰত্ন বঁটাও প্ৰদান কৰা হ'ব।

May 12, 2025 7:27 PM

views 38

খেল’ ইণ্ডিয়াৰ সপ্তম সংস্কৰণত অসমৰ যুৱ ভাৰোত্তোলকসকলৰ পদক যাত্ৰা অব্যাহত

খেল' ইণ্ডিয়াৰ সপ্তম সংস্কৰণত অসমৰ যুৱ ভাৰোত্তোলক সকলৰ পদক যাত্ৰা অব্যাহত আছে। আজি আৰু তিনিটা পদক জয়েৰে ৰাজ্যৰ মুঠ ১৫ টা পদক সুনিশ্চিত হৈছে। বিহাৰৰ ৰাজগিৰত চলি থকা প্রতিযোগিতাখনত অসমৰ খেলুৱৈসকলে ছটা সোণ, তিনিটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক জয়েৰে ১৪টা পদক দখল কৰিছে। নৱাগত বক্সাৰ নিৰ্বানজ্যোতি গগৈয়ে ৭৫ কিলোগ্রাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ৰাজ্যৰ ১৫ সংখ্যক পদকটো সুনিশ্চিত কৰিছে।

May 3, 2025 11:38 AM

views 35

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, ধেমাজিত ৬২.১ শতাংশ, লখিমপুৰত ৬৬.৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮.৫৫ শতাংশ, হাই...

April 21, 2025 11:14 AM

views 40

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ লাখ টকাৰ বিতং প্রকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জমাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জনসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰেই কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ...

April 21, 2025 10:50 AM

views 47

ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমৰ তৃতীয় স্থান

■ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ৰ পঞ্চায়ত ক্ষমতা নির্মাণ সর্বোত্তম সংস্থা পুৰস্কাৰ শিতানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তৰ সামৰ্থ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছে। ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্রতিষ্ঠানটোৱে প্রশিক্ষণ, উদ্ভাৱনী কৌশল অৱলম্বনেৰে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালীকৰণৰ দিশত বিভিন্ন ফলপ্রসূ পদক্ষেপ গ্রহণ কৰি আহিছে। প্ৰতিষ্ঠানটোৱে সৰ্বমুঠ ১২ হাজাৰ ৮১৭টা প্ৰশিক্ষণ কাৰ্যস...

April 15, 2025 1:09 PM

views 15

বহাগৰ পহিলা দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন

বহাগৰ পহিলা দিনটোত আজি পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশিস লৈছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়েও কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিতো আজি ৰঙালী বিহুৰ বিভিন...