October 13, 2024 5:55 PM

views 28

৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কৰ্মৰ প্ৰতি শ্ৰদ...

October 12, 2024 6:50 PM

views 28

বটদ্ৰৱা সত্ৰত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিৰসত বুৰ গৈছে। মাজুলীৰ সকলো সত্ৰ আৰু নামঘৰত ৩-৪ দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিভিন্ন নামঘৰত বৰগীত, দিহানাম আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত...

October 12, 2024 6:44 PM

views 21

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিসত বুৰ গৈছে। মাজুলীৰ সকলো সত্ৰ আৰু নামঘৰত ৩-৪ দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিভিন্ন নামঘৰত বৰগীত, দিহানাম আৰু চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। আজি পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্...

October 12, 2024 6:41 PM

views 19

দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হব। গুৱাহাটী মহানগৰীত আজিৰে পৰা ৩ দিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসর্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-যটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। ...

October 10, 2024 5:48 PM

views 29

আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এইপর্যন্ত ৩টা সোণ, ২টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আন্তর্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে কালি ৰাজ্যখনৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰিছে।

October 10, 2024 5:45 PM

views 35

পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধবনিয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু...

October 9, 2024 7:38 PM

views 23

অপহৰণ কাণ্ডত জড়িতৰ অভিযোগত ৪ অভিযুক্তক গোৱালপাৰা আৰু কোকৰাঝাৰৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

মহানগৰ আৰক্ষীয়ে অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত চাৰিজন অভিযুক্তক যোৱা নিশা গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৭ ছেপ্তেম্বৰত দুজনকৈ অচিনাকী লোকে গাড়ী ভাড়া কৰাৰ চলেৰে অমিত কুমাৰ সিংহ নামৰ চালক এজনক অপহৰণ কৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলালৈ লৈ গৈছিল। ইতিমধ্যে চালক সিংহক আৰক্ষীয়ে উদ্ধাৰ কৰে। ইয়াৰ পাছতে যোৱা নিশা অভিযান চলাই গোৱালপাৰা জিলাৰ মফিদুল হক, ৰফিকুল হুছেইন, ছাৰিফুল ইছলাম আৰু মিজানুৰ ৰহমান নামৰ অভিযুক্ত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমর...

October 9, 2024 7:23 PM

views 20

গুৱাহাটী মহানগৰীৰ ৪ শতাধিক পূজাথলীত শাৰদীয় পূজা উপলক্ষে উলহ-মালহ পৰিৱেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি- নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰি...

October 9, 2024 7:15 PM

views 21

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈৰ সোণ, অভিনৱ গগৈৰ ৰূপ আৰু ইছাংফা গগৈৰ ব্ৰঞ্জৰ পদক অৰ্জন

হিমাচল প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈয়ে সোণৰ পদকৰ লগতে অভিনৱ গগৈয়ে ৰূপ আৰু ইছাংফা গগৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছিনিয়ৰ পুৰুষৰ ৬৭ কিলোগ্রাম ওজন শাখাত সিদ্ধান্তই সোণৰ পদক জয় কৰে। আনহাতে যুৱ ল'ৰাৰ ৬৭ কিলোগ্রাম ওজন শাখাত অভিনৱে ৰূপ আৰু ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন শাখাত ইছাংফাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়।

October 9, 2024 7:10 PM

views 27

ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে অসম ডাক পৰিমণ্ডলৰ ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুসৰি আজি বিশ্ব ডাক দিৱস, কাইলৈ অন্ত্যোদয়া দিৱস আৰু পৰহিলৈ বিত্ত সৱলীকৰণ দিৱস উদযাপন কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় স্তৰত ডাক আদান-প্ৰদান কৰা ব্যৱস্থাক পৰিচালনা কৰা সাৰ্বজনীন ডাক সংঘৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাটো ৰাষ্ট্ৰীয় ডাক সপ্তাহৰ অন্যতম দি...