October 26, 2024 6:19 PM October 26, 2024 6:19 PM

views 8

পোহৰৰ উৎসৱ দীপান্বিতা আৰু কালী পুজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

পোহৰৰ উৎসৱ দীপান্বিতা আৰু কালী পুজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিভিন্ন জিলা প্ৰশাসনে সুৰক্ষিতভাৱে দীপান্বিতা উদযাপনৰ বাবে সজাগতাৰ সৃষ্টি কৰিছে। এই উৎসৱৰ সময়ত দুৰ্ঘটনাৰ পৰা হাত সাৰি থকাৰ লগতে জুইয়ে পোৰাৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ জ্যেষ্ঠ চিকিৎসক ডাঃ হীতেশ বৰুৱাই জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে।

October 17, 2024 6:30 PM October 17, 2024 6:30 PM

views 21

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদূলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰে । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাতি বিহুৰ সেৱা জ্ঞাপন কৰে। এটা বাৰ্তাত তেওঁ এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি আৰু ...

October 14, 2024 8:10 PM October 14, 2024 8:10 PM

views 3

বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ'ব। আজি এটা বিবৃতিযোগে পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্র আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। ন...

October 14, 2024 8:05 PM October 14, 2024 8:05 PM

views 4

সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অলিম্পিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অনাগত সময়ত ৰাজ্যখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত প্রতিনিধিত্ব কৰিব পৰাকৈ অধিকসংখ্যক ক্রীড়া প্রতিভা পোহৰলৈ অনাৰ বাবে এটা কাৰ্যকৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ক্রীড়া বিশেষজ্ঞ আৰু প্ৰবীন খেলুৱৈসকলক লৈ এই গোটটো গঠন কৰা হ'ব বুলি শ্রী সোণোৱালে প্ৰকাশ কৰে। তদুপৰি অনাগত ...

October 14, 2024 7:13 PM October 14, 2024 7:13 PM

views 5

শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ

শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যখনত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জৰুৰীকালীন সেৱা প্ৰদানকাৰী মৃত্যুঞ্জয় ১০৮ সেৱাই সদৰি কৰিছে। প্ৰতিষ্ঠানটোৱে আজি প্ৰকাশ কৰা অনুসৰি যোৱা ১১ অক্টোবৰত সৰ্বাধিক ১৫১টা আৰু ১২ অক্টোবৰত ১৮৭টা দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ভিতৰত শোণিতপুৰ জিলাত সৰ্বাধিক ৬৬টা দুৰ্ঘটনা সংঘটিত হয়। কামৰূপ জিলাতো এই সময়ছোৱাত ৬০টা দুৰ্ঘটনা সংঘটিত হয়। ইপিনে পূজাৰ সময়ছোৱাত যোৱা ১২ৰ পৰা ১৪ অক্টোবৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কেজুৱেলিটিত ১২০টা পথ দুর্ঘটনা পঞ্জীভুক্ত হয়।...

October 14, 2024 6:57 PM October 14, 2024 6:57 PM

views 15

পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য আজি পুৱা পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযূষ হাজৰিকাই অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশী-বিদেশী পৰ্যটকৰ বাবে এইবাৰ ২০ খন জীপ ছাফাৰী আৰু ১৩টা বিভাগীয় হাতী ছাফাৰী সাজু কৰা হৈছে। উল্লেখযোগ্য যে সম্প্রতি ১০৭টা গঁড়, ৫ শতাধিক বনৰীয়া ম'হ, সহস্রাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫টা প্ৰজাতিৰ দেশী- বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত অভয়াৰণ্যখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্য। আজি অভয়াৰণ্...

October 13, 2024 8:41 PM October 13, 2024 8:41 PM

views 11

ৰাজ্য চৰকাৰে ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ দুহেজাৰ মেগাৱাটকৈ অধিক সন্মিলিত ক্ষমতাৰ কেইবাটাও বিদ্যুৎ প্রকল্প বর্তমান প্রস্তুতি পূৰ্ণ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ২০২৭-২৮ বৰ্ষত ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহৰ জৰিয়তে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰ...

October 13, 2024 8:02 PM October 13, 2024 8:02 PM

views 14

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্নৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ খন প্রতিমা বিসর্জন দিয়াৰ পাছত আজি দুই শতাধিক প্রতিমা বিসর্জন দিয়া হয়। জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া ২৭টা ঘাটত বিসর্জন প্রক্রিয়া সম্প্রতিও অব্যাহত আছে। প্ৰতিমাৰ সংখ্যালৈ চাই কোনো কোনো ঘাটত পুৱতি নিশালৈকে ব...

October 13, 2024 6:03 PM October 13, 2024 6:03 PM

views 3

আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ সোণ আৰু ৰূপৰ পদক লাভ

● অসমৰ দীতিমণি সোণোৱাল আৰু সুদিত্য বৰুৱাই হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আজি নিশা সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত অসমে এতিয়ালৈ ৫টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা পদক লাভ কৰিছে। পুৰুষৰ ৮৯ কিলোগ্রাম শাখাত সুদিত্য স্নেছত ১৪০ কেজি, ক্লিন এণ্ড জার্কত ১৭৫ কেজিসহ মুঠ ৩১৫ কিলোগ্রাম ভাৰোত্তোলনেৰে সোণৰ পদক অৰ্জন কৰে। একেদৰে দীতিমণিয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২১০ কিলোগ্রাম ভাৰোত্তোলন কৰি ৰূপৰ প...

October 13, 2024 5:55 PM October 13, 2024 5:55 PM

views 11

৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কৰ্মৰ প্ৰতি শ্ৰদ...