November 12, 2024 1:03 PM November 12, 2024 1:03 PM

views 19

ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পৰ্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ...

November 12, 2024 2:06 PM November 12, 2024 2:06 PM

views 13

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত কাইলৈ হ’বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ বাবে মুঠ ১,০৭৮টা কেন্দ্ৰত ভোটগ্রহণ কৰা হ'ব। ইয়াৰে চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭টা, বিহালীত ১৫৪টা আৰু ধলাইত ২০৮টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহত ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ দায়িত্বত নিয়োজিত প্রায় ৪,৫০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বিয়লিৰ ভিতৰত নিজ নিজ কর্মস্থল...

November 11, 2024 12:00 PM November 11, 2024 12:00 PM

views 13

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ পৰহিলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিব। মাজত মাত্ৰ ৮ ঘণ্টা বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আন সমষ্টিকেইটাৰ দৰে চামগুৰি সমষ্টিতো উপ-নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে নির্বাচনী নীতি-নির্দেশনাসমূহ বলৱৎ কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে। সমষ্টিটোত এইবাৰ মুঠ ১ লাখ ৮০ হাজাৰ ৪৪৮ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়া...

November 7, 2024 7:48 PM November 7, 2024 7:48 PM

views 6

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাৰ বিভিন্ন বঁটা

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন বঁটা আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মহাসভাৰ নেতৃবৃন্দই কয় যে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সত্ৰ বৈভৱ বঁটা, মাজুলীৰ শ্ৰীশ্ৰীগড়মুৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীলৈ সত্ৰ সৌৰভ বঁটা, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, মঙলদৈৰ সত্ৰীয়া শিল্পী ভানু ডেকা চহৰীয়া আৰু জাগীৰোড মহ...

November 7, 2024 7:14 PM November 7, 2024 7:14 PM

views 9

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপাল লক্ষ্মনপ্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্রী দাছো চেৰিং টবগেই যুটীয়াভাৱে ভৱনটো উদ্বোধন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণত কয় যে সংহত তালাচী চকীয়ে দুয়োদেশৰ মাজত অর্থনৈতিক তথা সামাজিক সংযোগ...

November 7, 2024 6:54 PM November 7, 2024 6:54 PM

views 10

অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনৰ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনে অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে দুয়োটা প্রতিষ্ঠানে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বত শিক্ষাৰ্থীসকলৰ বাবে এহেজাৰ ডলাৰ অনুদান, শৈক্ষিক সুযোগ বৃদ্ধিৰ লগতে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত সাংস্কৃতিক বিনিময়ৰ সূচনা হ'ব বুলি আশা কৰা হৈছে।

November 7, 2024 9:09 PM November 7, 2024 9:09 PM

views 29

ধৰ্মীয় ৰীতি-নীতিৰে ষট পূজাৰ তৃতীয় দিনত ভক্তসকলে অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়

সূৰ্য দেৱতাক ধৰ্মীয় ৰীতি-নীতিৰে আৰাধনা কৰি কল্যাণ কামনাৰে সম্পন্ন কৰা ষট পূজাৰ আজি তৃতীয় দিনা ভক্তসকলে নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাটসমূহত অগণন ভক্তৰ সমাগম হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতিয়ে এটা বার্তাযোগে কয় যে ষট পূজা দেশৰ প্ৰাচীন উৎসৱসমূহৰ অন্যতম আৰু সূৰ্য দেৱতাৰ উপাসনা...

November 6, 2024 1:36 PM November 6, 2024 1:36 PM

views 10

অসম ৰাজ্যিক বিত্ত আয়োগৰ দলৰ ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ সৈতে আলোচনা

অসম ৰাজ্যিক বিত্ত আয়োগৰ এটা দলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত কালি সন্ধিয়া বৰপেটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ জিলা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ হোৱা সমস্যা আৰু বাজেটৰ বিষয়কলৈ এই আলোচনা অনুষ্ঠিত হয়। আলোচনাত অধ্যক্ষতা কৰা ৰানা প্রতাপ কলিতাই তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাবোৰ জি...

November 6, 2024 1:24 PM November 6, 2024 1:24 PM

views 3

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি কালি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাধিস্থলত পুৱাৰে পৰা স্মৃতিচাৰণ সভা, সৰ্বধৰ্ম প্ৰাৰ্থনা, গীত-নৃত্যৰ অনুষ্ঠান আদি অনুষ্ঠিত হয়। ইপিনে দীঘলীপুখুৰীৰ পাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিস্থলীতো সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাই ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰি শ...

November 6, 2024 12:58 PM November 6, 2024 12:58 PM

views 46

ষট পূজা উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে।