November 16, 2024 6:48 PM November 16, 2024 6:48 PM

views 26

গোলাঘাটৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ

যুৱক-যুৱতীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বান মৰ্মে গোলাঘাট জিলাৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত আজি ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকনে কাতি আৰু আঘোণ মাহৰ দোমাহীৰ দিনা এই ধান দোৱা কাৰ্যসূচী মুকলি কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মৰঙী অঞ্চলত বিধায়ক বিশ্বজিৎ‍ ফুকনৰ নেতৃত্বত দুবছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা ৰামধেনু বহুমুখী সমবায় সমিতিৰ মুখ্য কাৰ্যালয়ো আজি বিত্তমন্ত্রী শ্রীনেওগে উদ্বোধন কৰে। এই অনুষ্ঠ...

November 16, 2024 6:24 PM November 16, 2024 6:24 PM

views 26

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন

নতুন দিল্লীৰ ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন কৰা হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে সভাৰ পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংস্কৃতিক সমাবেশৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে নতুন দিল্লীত কালি প্ৰথমবাৰৰ বাবে আয়োজন কৰা বড়োলেণ্ড মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

November 14, 2024 12:52 PM November 14, 2024 12:52 PM

views 15

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এই উপলক্ষে সেইদিনা দিনৰ ১১.৩০ বজাত ‘গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰেক্ষাপটঃ স্বাধীনতা আৰু বিশ্বাসযোগ্যতা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বক্তৃতা আগবঢ়াব বিশিষ্ট লেখক, সাংবাদিক অৰূপ কুমাৰ দত্তই।

November 14, 2024 12:38 PM November 14, 2024 12:38 PM

views 14

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গোৱালপাৰা জিলাৰ ছন্দৰীয়াৰ সাৰ্বজনীন ৰাসমেলা খেলপথাৰত কাইলৈৰপৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। তদুপৰি জিলাখনৰ দুধনৈ ৰাজহুৱা খেলপথাৰত ১৫ দিনীয়া আৰু মাকৰিত ছদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাতো কাইলৈ ১৬ দিনীয়া কাৰ্যসূচীৰে ৬৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ হ'ব। সেই অনুসৰি কাইলৈ পূজা, ভাগৱত পাঠ, নাম-কীৰ্তন আদি বিভিন্ন কাৰ্...

November 14, 2024 12:28 PM November 14, 2024 12:28 PM

views 3

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ সবাতোকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ কালিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্রতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্রহণ কৰা এই প্রতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে এই পদক্ষেপে অসমৰ বিশাল ক্রীড়া সম্ভাৱনা বৃদ্ধিৰ লগতে ক্রীড়া সংস্কৃতি বিকাশত পুনৰ এক নতুনত্বৰ সূচনা কৰিব। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জিলাখনত...

November 14, 2024 12:25 PM November 14, 2024 12:25 PM

views 9

আজি শিশু দিৱস

আজি শিশু দিৱস। দেশৰ প্ৰথম প্ৰধানমন্ত্রী পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি গোৱালপাৰা জিলাতো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ত সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। আনহাতে শিশু দিৱসৰ লগত সংগতি ৰাখি অসম বুক অৱ ৰেকৰ্ডছৰ ব্যৱস্থাপনাত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ১৫৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ সহযোগত ১৫০ ফুট দৈৰ্ঘ্যৰ চিত্ৰপটত অসমৰ লোক-সংস্কৃতি বাদ্যযন্ত্ৰ আৰু অসমৰ জনগ...

November 14, 2024 12:09 PM November 14, 2024 12:09 PM

views 16

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...

November 14, 2024 9:52 AM November 14, 2024 9:52 AM

views 15

চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্রক্রিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...

November 12, 2024 2:14 PM November 12, 2024 2:14 PM

views 22

১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টি আছে। অসমৰ চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১,০৭৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ...