January 1, 2026 1:33 PM

views 15

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ এটা সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)য়ে অনুমোদন জনাইছে। অহা শিক্ষাবৰ্ষৰ পৰাই বিশ্ববিদ্যালয় খনত শিলচৰৰ শ্ৰেণী কক্ষত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ'ব। বিশ্ববিদ্যালয় খনৰ উপাচার্য অধ্যাপক ডঃ ৰাজীৱ মোহন পন্থৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতা আঁখীৰাণী দাসে জনোৱা মতে- যোৱা ১২ ডিচেম্বৰত ইউজিচিৰ চেক্ৰেটাৰী অঞ্জু মোহন গোলহোত্রাই কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ সচিব জেনিফাৰ তীৰ্কিক এখন পত্রযোগে, অসম ব...

August 21, 2025 8:45 PM

views 16

অসম বিশ্ববিদ্যালয়ত প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীর্ষক হিন্দী কৰ্মশালাৰ আয়োজন

অসম বিশ্ববিদ্যালয়ত আজি প্ৰশাসন আৰু ৰাজভাষা হিন্দী শীর্ষক এখন হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কামত হিন্দী ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে ৰাজভাষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ ৰাজীৱ মোহন পণ্টই কৰ্মশালাখন উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰাজভাষা কোষৰ উদ্যোগত আয়োজিত এই কর্মশালাত শিক্ষানুষ্ঠানখনৰ নৱনিযুক্ত বিষয়া-কৰ্মচাৰীসকলে অংশ লয়।

May 20, 2025 12:33 PM

views 29

অসম বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ প্রতিমূর্তি স্থাপনৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ আহ্বান

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰাৰ লগতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা প্রতিমূর্তি স্থাপন কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আহ্বান জনাইছে। কালি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বাংলা ভাষাৰ ১১ গৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত অংশ লৈ ড° গোস্বামীয়ে প্ৰকাশ কৰে। বাংলা আৰু অসমীয়া ভাষাৰ আদান-প্ৰদানৰ মাধ্যমেৰে সাহিত্য সম্ভাৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে অহা ছেপ্তেম্বৰত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা...

May 5, 2025 12:47 PM

views 31

অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ দাখিল

 অসম বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনৈতিক আৰু যৌন ইংগিতপূর্ণ আচৰণ কৰা বুলি অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত এখন লিখিত অভিযোগ দাখিল কৰিছে। অভিযুক্ত অধ্যাপকগৰাকীয়ে দীৰ্ঘদিন ধৰি ছাত্ৰীৰ প্ৰতি অনৈতিক, যৌন ইংগিতপূর্ণ, আৱেগিকভাৱে হাৰাশাস্তি কৰা আচৰণত লিপ্ত হৈ আহিছে। অধ্যাপক গৰাকীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি যোৱা ২৩ এপ্রিল, ২৮ এপ্ৰিল আৰু আন কেইবাদিনো বিভিন্ন শৈক্ষিক সভাৰ সময়ত ছাত্ৰীৰ প্ৰতি আপত্তিজনক মন্...

November 14, 2024 12:20 PM

views 16

অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি সন্ধিয়া সামৰণি পৰে। ছিকিমৰ বিশিষ্ট পৰিৱেশকর্মী ছ'নাম বাংচুকে উদ্বোধন কৰা এই আলোচনাচক্ৰত ষষ্ঠ অনুসূচী সম্পর্কে বহুলভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী সম্পূৰ্ণ হোৱা উপলক্ষে ৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অহা বিশিষ্ট শিক্ষাবিদ আৰু অধ্যাপকসকলে ষষ্ঠ অনুসূচী সন্দৰ...