ডাউনলোড
মোবাইল এপ

android apple
signal

অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ দাখিল

 অসম বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনৈতিক আৰু যৌন ইংগিতপূর্ণ আচৰণ কৰা বুলি অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত এখন লিখিত অভিযোগ দাখিল কৰিছে। অভিযুক্ত অধ্যাপকগৰাকীয়ে দীৰ্ঘদিন ধৰি ছাত্ৰীৰ প্ৰতি অনৈতিক, যৌন ইংগিতপূর্ণ, আৱেগিকভাৱে হাৰাশাস্তি কৰা আচৰণত লিপ্ত হৈ আহিছে। অধ্যাপক গৰাকীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি যোৱা ২৩ এপ্রিল, ২৮ এপ্ৰিল আৰু আন কেইবাদিনো বিভিন্ন শৈক্ষিক সভাৰ সময়ত ছাত্ৰীৰ প্ৰতি আপত্তিজনক মন্তব্য কৰা আৰু যৌন ইংগিত পূৰ্ণ অশ্লীল আচৰণত কৰা বুলি অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে।

আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱামতে এই ঘটনাই বিশ্ববিদ্যালয়ৰ চৌহদত উত্তেজনাৰ সৃষ্টি কৰিছে আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক