June 3, 2025 12:56 PM

views 18

অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুয়োখন চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে সীমা এলেকাৰ পাঁচটা অঞ্চলত অহা ১৫ আগষ্টৰ পূৰ্বে খুঁটা পোতাৰ বাবে দুয়োখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকত অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু মেঘালয় সীমান্তৰ কুলচীত বহুমুখ...

May 30, 2025 11:49 AM

views 25

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। মেঘালয়ৰ মুখ্য সচিব ড’নাল্ড ফিলিপ্‌ছ ৱাহ লাঙে কালি কয়, যে এই বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৱৰ্তী অঞ্চলৰ ছটা এলেকা সন্দৰ্ভত এতিয়ালৈ সমাধান নোহোৱা বিষয়বোৰ বুজাবুজিৰ মাজেৰে নিষ্পত্তিৰ চেষ্টা কৰা হ'ব।