ডাউনলোড
মোবাইল এপ

android apple
signal

অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুয়োখন চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে সীমা এলেকাৰ পাঁচটা অঞ্চলত অহা ১৫ আগষ্টৰ পূৰ্বে খুঁটা পোতাৰ বাবে দুয়োখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকত অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু মেঘালয় সীমান্তৰ কুলচীত বহুমুখী প্রকল্প নিৰ্মাণৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত অসম আৰু মেঘালয়ৰ সামগ্রিক উন্নয়নৰ বাবে দুয়োখন ৰাজ্যই পাৰস্পৰিক সমিলমিলেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা মতে কুলচীত নিৰ্মাণ কৰিবলগীয়া বহুমুখী প্ৰকল্পৰ জৰিয়তে ৫৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব। প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিস্তৃর্ণ অঞ্চলত জলসিঞ্চনৰ সুবিধা কৰিব পৰা যাব বুলিও তেওঁ কয়। অৱশ্যে প্ৰকল্পটো ৰূপায়ণ সন্দৰ্ভত গাঁওবাসীৰ সৈতে আলোচনা কৰি তেওঁলোকৰ সন্মতি সাপেক্ষেহে ভৱিষ্যতৰ কাৰ্য ব্যৱস্থা লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। বৈঠকত গুৱাহাটীৰ কৃত্ৰিম বানৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে মেঘালয়ৰ তিনিটা স্থানৰ পৰা অহা পানীয়ে গুৱাহাটী মহানগৰীত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰে সেই বিষয়ত মুখ্যমন্ত্রী কনৰাড চাংমাক অৱগত কৰোৱা হয়। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে নৰ্থ-ইষ্ট স্পেচ এপলিকেচন চেণ্টাৰৰ সহায় লোৱাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে বৈঠকত সিদ্ধান্ত লয়। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দৰ্ভত কয়, যে নর্থ-ইষ্ট স্পেচ এপলিকেচন চেণ্টাৰে খানাপাৰা, জুৰিপাৰ আৰু যোৰাবাট অঞ্চলৰ চেটেলাইট মেপিং কৰিব। মেঘালয়ৰ কোন স্থানৰ পৰা পানী গুৱাহাটীৰ বিভিন্ন অঞ্চললৈ প্ৰবাহিত হয় সেয়া পৰৱৰ্তী তিনি মাহৰ ভিতৰত উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰি মানচিত্ৰ প্ৰস্তুত কৰা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ত এই মানচিত্র আই আই টি ৰুৰকিলৈ প্ৰেৰণ কৰা হ’ব। আই আই টি ৰুৰকিৰ পৰামৰ্শৰ ভিত্তিত গুৱাহাটীত কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে দুয়োখন চৰকাৰে যৌথভাৱে প্ৰচেষ্টা চলাব বুলিও তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক