October 14, 2025 11:32 AM

views 30

কাইলৈ ঘোষণা এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল

● এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে কাইলৈ দিনৰ ১০.৩০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী...

October 13, 2025 8:48 PM

views 32

সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক ৰাজ্য চৰকাৰৰ বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি শুশ্রূষা সেঁতু শীৰ্ষক বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰ মুকলি কৰি চিকিৎসা সেৱা প্ৰদান কৰিছে। কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত এই শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ'ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে কাইলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হ'ব। একেদৰে গুৱাহাটী ছেণ্ট্ৰেল বিধানসভা সমষ্টিৰ বাবে ১৬ অক্টোবৰত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত...

October 13, 2025 8:12 PM

views 25

ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ ৪,২৮৭ কোটি টকা ব্যয়ত অনুমোদন

অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে ৪,২৮৭ কোটি টকা ব্যয়ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্রকাশ কৰিছে। আস্থা শীৰ্ষক পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইয়াৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক অত্যাধুনিক সা-সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হ'ব। একেদৰে ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্মার্ট ক্লাছ আৰু আধুনিক পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত ডিজিটেল আৰু শৈক্ষিক...

October 13, 2025 7:51 PM

views 41

ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰথমদিনা প্রায় ৬৫ শতাংশ শিশুক পলিঅ' দিয়া হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত এহেজাৰ ৭৮ গৰাকী স্বাস্থ্যকর্মীয়ে ৫১ হাজাৰ ৭২৮ টি শিশুক প্রতিষেধক প্রদান কৰে। জিল...

October 13, 2025 7:24 PM

views 37

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল বুধবাৰে ঘোষণা কৰা হ’ব

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল পৰহিলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্...

October 10, 2025 12:50 PM

views 45

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতা প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্রকাশ পায়। তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬৫০টা পদৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ...

September 22, 2025 7:57 PM

views 26

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব

ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল যোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময়ৰ কিছু সালসলনি হ'ব পাৰে বুলি মু...

September 7, 2025 12:31 PM

views 17

চৰকাৰৰ এ আৰ আৰ বি পিৰ অধীনত ৰাজ্যৰ ১২ খন জিলাত আৰু ২৮ খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত

চৰকাৰে বিশ্ব বেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণ সম্পন্ন গ্রাম্য দলং কার্যসূচী এ আৰ আৰ বি পিৰ অধীনত ৰাজ্যৰ ১২ খন জিলাত আৰু ২৮ খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে ৮৫ কোটি ৮৮ লাখ টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰে এ আৰ আৰ বি পি কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্রমে গ্ৰাম্যাঞ্চলত প্ৰায় ১২০০ খন দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অলপতে লোক নির্মাণ বিভাগৰ বাহ্যিক সাহাৰ্য্য প্রাপ্ত শাখাই বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, কার্বি আংলং, ...

September 5, 2025 7:21 PM

views 31

ৰাজ্য চৰকাৰৰ মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ

ৰাজ্য চৰকাৰৰ মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা ১৪ আৰু ১৫ নৱেম্বৰত কৰ্মচাৰীসকলে এই বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। কৰ্মচাৰীসকলে ১৬ নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটোও মাতৃ-পিতৃ- বন্দনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

August 29, 2025 1:23 PM

views 18

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৯,৭০৪ গৰাকী মহিলাক কাইলৈ স্কুটী প্ৰদান কৰা হ’ব

■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পর্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক কাইলৈ স্কুটী প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব। এই মহিলাসকলক স্কুটী প্ৰদানৰ জৰিয়তে আত্মসহায়ক গোটৰ কামকাজসমূহ ত্বৰান্বিত কৰাৰ উপৰি তেওঁলোকৰ যাত্ৰাৰ ব্যয় হ্ৰাস তথা উপার্জন বৃদ্ধিৰ জৰিয়তে সমৃদ্ধিশালী গাঁ...