August 11, 2025 11:45 AM

views 29

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা সংযোজন কৰা হ’ব

● ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা সংযোজন কৰা হ'ব। কাইলৈ কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত সমজিলা সংযোজন কাৰ্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। পৰহিলৈ শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা ৪৯ লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত ৪৯ খন সমজিলা সংযোজন কৰা হৈছিল ৷ প্রশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যা...

August 4, 2025 7:42 PM

views 25

ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে

ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিন ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দ্বীপজ্যোতি বনিয়াকে ধৰি ১০ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়াইছে। একেদৰে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চতু...

August 4, 2025 12:42 PM

views 22

প্ৰায় ৪,২৪০ হেক্টৰ ভূমি দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় চাৰি হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভিতৰত ...

August 1, 2025 6:39 PM

views 24

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্...

July 24, 2025 6:51 PM

views 28

ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাৰ আজি সামৰণি

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাখন আজি সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ উদ্দেশ্যেৰে সহপাঠ্যক্ৰম হিচাপে আয়োজন কৰা এই কর্মশালাখন যোৱা ১০ জুলাইত আৰম্ভ হৈছিল। ১৫ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিজনী সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।

July 19, 2025 12:14 PM

views 15

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিছৰ

● ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত এতিয়ালৈ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু-মহিলাসহ ২১ গৰাকীৰ গুৱাহাটী চিকিৎসামহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ মাজত দৰং আৰু বজালীৰ দুজনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে। হাস্পতাল কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এক এপ্ৰিলৰ পৰা এতিয়ালৈ ৭০ জন লোক হাস্পতালখনত ভৰ্তি হৈছে আৰু বৰ্তমানেও ২৯ জন সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে। গোলাঘাট, ধেমাজি, শোণিতপুৰৰ উপৰি নলবাৰী, দৰং, কামৰূপ আদি জিলাতো গুৰুতৰ...

July 19, 2025 12:00 PM

views 26

খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব

■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্রদানত অনুমোদন জনায়। খৰাংসদৃশ প...

July 18, 2025 1:14 PM

views 42

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমু...

July 18, 2025 10:42 AM

views 39

সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন

ৰাজ্যত চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ তথ্য ভাণ্ডাৰৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ ফলস্বৰূপে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট ১৬ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। ৰাজ্যত সম্প্ৰতি ৭০ লাখৰো অধিক ৰেচন কাৰ্ড আছে। ইয়াৰে ভিতৰত প্ৰায় সাত লাখ অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰী আৰু ৬৩ লাখৰো অধিক অগ্রাধিকাৰপ্ৰাপ্ত পৰিয়াল আছে। ৰেচন কাৰ্ড কৰ্তনৰ ব্যৱস্থা এটা নিয়মীয়া প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট কর্তৃপক্ষস...

July 11, 2025 11:11 AM

views 26

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্রদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি গোট গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। এই গোটসমূহ আঠজনীয়া হ'ব। ইয়াৰ উপৰি বনৰীয়া হাতীয়ে যাতে পৰ্যাপ্ত খাদ্য...