May 31, 2025 12:27 PM

views 14

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন বিপৰ্যস্ত, গুৱাহাটীত ভূমিস্খলনত ৫জন লোকৰ মৃত্যু

বংগোপ সাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত হৈ পৰিছে। গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বৰ্তমানলৈকে শিশু আৰু মহিলাসহ ৫জন লোকৰ মৃত্যু হৈছে। গুৱাহাটী মহানগৰীত বানে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মহানগৰীৰ ৰুক্মিণীগাঁও আৰু সাতগাঁৱত দুটাকৈ বান সাহায্য শিবিৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্রস্ত লোকে যোগাযোগৰ বাবে কেইবাটাও ফোন নম্বৰ ৰ...