ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন বিপৰ্যস্ত, গুৱাহাটীত ভূমিস্খলনত ৫জন লোকৰ মৃত্যু

বংগোপ সাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত হৈ পৰিছে।

গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বৰ্তমানলৈকে শিশু আৰু মহিলাসহ ৫জন লোকৰ মৃত্যু হৈছে। গুৱাহাটী মহানগৰীত বানে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মহানগৰীৰ ৰুক্মিণীগাঁও আৰু সাতগাঁৱত দুটাকৈ বান সাহায্য শিবিৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্রস্ত লোকে যোগাযোগৰ বাবে কেইবাটাও ফোন নম্বৰ ৰাজহুৱা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই অঞ্চলসমূহৰ লগতে সমীপৰ আন কোনো স্থানত যদি সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে ফোন নম্বৰ কেইটাত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। ইপিনে, গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত কয়, যে মেঘালয়ত হোৱা পাহাৰ খননৰ ফলস্বৰূপে গুৱাহাটীৰ বান সমস্যা অধিক জটিল ৰূপ ধাৰণ কৰিছে।

জনতাৰ বাবে মুকলি কৰি দিয়া ফোন নম্বৰকেইটা হৈছে ৮৪৮৬৬৪০৬৩৩, ৮১৩৪৮৬৬২১২, ৯৯৫৪৩২৩৬১৪ আৰু ৯৯৫৪২৪১৭৬৬। বৰষুণৰ লগতে বিভিন্ন প্ৰান্তত অহা ধুমুহা-বতাহে জনসাধাৰণৰ বিস্তৰ ক্ষতি সাধন কৰিছে। কালি বিয়লি ধুবুৰী জিলাৰ বগৰীবাৰীত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন চলন্ত বাছৰ ওপৰত এজোপা গছ উভালি পৰাত বাছখনৰ বিস্তৰ ক্ষতি সাধন হয়। অৱশ্যে ঘটনাত কোনো লোকৰ প্রাণহানি হোৱা নাই বুলি জানিব পৰা গৈছে। ইপিনে ছিপাঝাৰৰ পিঠাখোৱাপাৰাত এখন ই-ৰিক্সাৰ ওপৰত গছ উভালি পৰাত ৫ জন লোক আহত হয়। অঞ্চলটোৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ গৈ থকা অৱস্থাত এজোপা গছ উভালি পৰাত গুৰুতৰভাৱে আহত হয়। আহত শিক্ষয়িত্ৰীগৰাকীক স্থানীয় লোক আৰু সহকৰ্মী শিক্ষকৰ তৎপৰতাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে উজনি অসমৰ গোলাঘাট জিলাতো প্রবল ধুমুহা-বৰষুণৰ বাবে কমাৰগাঁও-খুমটাই অঞ্চলৰ ৩৫ খন গাঁৱৰ বিদুৎ সংযোগ কৰ্তন কৰা হয়।

প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যিকোনো সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুটা নম্বৰ মুকলি কৰিছে। ০৩৬১-১০৭৭ আৰু ৯৩৬৫৪২৯৩১৪ এই দুটা টোলফ্ৰী নম্বৰত কোনো সমস্যাৰ বাবে ৰাইজে ফোন কৰিব পাৰিব। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তিনি-চাৰিফুট পর্যন্ত পানী বাগৰাৰ ফলত উজনি আৰু নামনি অসমৰ মাজত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ শিলচৰ-লামডিং সংযোগী ৰে’লপথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে। বৰাক নদীৰ জলপৃষ্ঠ ১৩ দশমিক ৬-৫ মিটাৰলৈ বৃদ্ধি পাইছে। প্ৰতিকূল বতৰৰ বাবে আজি শিলচৰ-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰৰ মাজত যাত্ৰীবাহী ৰে’লৰ সময়সূচী সালসলনি কৰা হৈছে। কালি নিশা ১১ বাজি ৫৫ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলগীয়া শিলচৰ অভিমুখী ৰে’লখনে আজি পুৱা ৬ বজাত যাত্ৰা আৰম্ভ কৰিছে। ইফালে কালি নিশা ১০ বাজি ৪০ মিনিটত শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া ৰঙীয়া এক্সপ্ৰেছে আজি পুৱা ৬ বজাত যাত্ৰা আৰম্ভ কৰিছে।

প্ৰবল বৃষ্টিপাতৰ ফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। বিশেষকৈ মধুপুৰ, অভয়পুৰ, কটাহবজাৰ, ৰহধলা আৰু কলবাৰীত কৃত্ৰিম বানৰ ফলত জনজীৱন ব্যাহত হৈ পৰে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে সাময়িকভাৱে স্থগিত ৰখা গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি পুনৰ আৰম্ভ হৈছে।

আমাৰ হাইলাকান্দি, শ্রীভূমি, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু হোজাইৰ সংবাদদাতাসকলে জনোৱা মতে ধাৰাষাৰ বৰষুণৰ ফলত জিলাকেইখনৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ প্ৰধান উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়িবলৈ লোৱাত নৈপৰীয়া জনসাধাৰণ শংকিত হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক