April 4, 2024 8:45 PM

views 39

নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোত মৰগীয়া বানচ লাভ কৰিবঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, এইবাৰ নিৰ্বাচনত নিয়োজিত হ'বলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহনৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। তেওঁ লগতে কয় যে, নির্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি যদি কিবা কাৰণত অসুস্থ হয় তেন্তে তেওঁলোকক আয়ুষ্মান ভাবত জন আৰোগ্য যোজনাৰ অধীনত বিনামুলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। নির্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তিৰ দুৰ্ঘটনাগ্ৰস্ত হ'লে বা তেওঁলোকৰ প্রাণহানি হলেও তৎকালিনভাৱে পৰিয়ালক সাহায্য দিয়া...

April 4, 2024 8:42 PM

views 46

মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পানীগাঁও চাৰিআলিত থকা ডচন স্কুল খেলপথাৰত এখন নির্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাৰ পাছতে সুৰেশ বৰাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে আজ...

April 4, 2024 8:40 PM

views 33

নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসমৰ ৫টা সমষ্টি ক্রমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ৰাজ্যত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কল...

April 4, 2024 6:53 PM

views 28

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এই পৰ্যায়ত ৫টা সমষ্টিক সামৰি লোৱা হ'ব। ৰাজ্যৰ পৰিবহন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা আৰু দিলীপ শ‍ইকীয়াই এই পর্যায়ত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে নগাঁও আসনখনৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক পুনৰ প্ৰাৰ্থীত্ব দিয়াৰ লগতে বড়োলেণ্ড পিপলছ ফ্রণ্টে বিধায়ক দুৰ্গাদাস বড়োক এই পৰ্যায়ৰ বাবে দলৰ টিকট প্ৰদান কৰিছে। এ আই ইউ ডি এফ আৰু তি এম চিয়েও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্রার্থী থিয...

April 4, 2024 1:07 PM

views 73

৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা লোকে ইচ্ছা কৰিলে ঘৰতে ভোটদান কৰিব পাৰিবঃ অনুৰাগ গোৱেল

♦ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তৰা...

April 4, 2024 12:34 PM

views 48

১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। ৰাজ্যখনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন নিৰ্বাচনী সভাত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰিব। নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া এই সভাত নামনি অসমৰ ৭খন জিলাৰ ১৬টা বিধানসভা সমষ্টিৰ ভোটাৰক প্ৰধানমন্ত্রী মোদীয়ে সম্বোধন কৰিব। উক্ত সভাখনত অন্যান্য কেন্দ্রীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰিব। ৰাজ্যিক ...

April 4, 2024 12:26 PM

views 34

ৰাজ্যত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

♦ সমাগত লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত কালি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকিয়াজুলিত প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈকে সকলোকে আহ্বান জনায়। আনহা...

April 4, 2024 1:02 PM

views 89

ৰাজ্যত স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছেঃ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ’ব। তদুপৰি ই ভি এ...

April 4, 2024 11:28 AM

views 45

আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

♦ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। এই পৰ্যায়ত আউটাৰ মণিপুৰৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। আউটাৰ মণিপুৰ সমষ্টিৰ কিছু অংশৰ বাবে প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত সামৰিব ল'বলগীয়া সমষ্টি কেইটাৰ ভিতৰত কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপ...

April 3, 2024 8:37 PM

views 39

বৰ্তমানলৈকে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। ইফালে, ৰাজ্যখনত আজি পুনৰ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াকে লৈ এই পর্যন্ত দ্বিতীয় পৰ্যায়ৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মল্লা আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত ...