May 31, 2024 7:26 PM

views 23

১ জুনত প্ৰকাশ পাবলগীয়া প্রাক্ নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অগ্ৰসৰ নকৰে

অহা ১ জুনত প্ৰকাশ পাবলগীয়া প্রাক্ নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অগ্ৰসৰ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব’ বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশ্বন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্রাক নির্বাচনী সমীক্ষা বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জানিবলৈ দিছে।

May 30, 2024 1:54 PM

views 30

৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে।

May 30, 2024 1:10 PM

views 75

প্ৰথমবাৰৰ বাবে দেশত ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছেঃ নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে শাৰীৰিক বা অন্য যিকোনো বাধাগ্ৰস্ততাৰ বাবে যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাংগীনতা আৰু সুলভতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যাপক অগ্রগতি লাভ কৰিছে। আয়োগে কয় যে এতিয়ালৈকে ছয়টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিশেষভাৱে সক্ষম ব্যক্তি জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগৰ ব্যক্তি আৰু বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ দৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত নিৰ্বাচনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। আয়োগে লগতে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাব...

May 18, 2024 11:20 PM

views 36

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

♦ অহা ৪ জুনত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কার্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্...

May 4, 2024 7:11 PM

views 41

তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায়। নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত অসমত উগ্রবাদী সমস্যাৰ সমাধান হোৱাত ৰাজ্যখনত বিগত ৩টা বছৰত কোনোধৰণৰ হিসাংত্মক ঘটনা সংঘটিত হোৱা নাই। মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি বিজেপি নেতৃত্বাধী...

April 30, 2024 7:24 PM

views 42

গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ চাৰিটা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ৭ মে'ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা-কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে । উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনত মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৬ গৰাকী মহিলা প্রার্থী। এই নিৰ্বাচনত মুঠ ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই ভোট...

April 23, 2024 7:27 PM

views 25

দ্বিতীয় পর্যায়ৰ লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ তৎপৰতা

দ্বিতীয় পর্যায়তো লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী নিয়োগ কৰা হব। তদুপৰি ই ভি ...

April 22, 2024 8:18 PM

views 26

যুৱপ্ৰজন্মক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগৰ নতুন নতুন কৌশল অৱলম্বন

যুৱপ্ৰজন্মৰ ভোটদাতাক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগে নতুন নতুন কৌশল অৱলম্বন কৰাৰ সময়তে কামৰূপ জিলা নির্বাচনী বিষয়াই জিলাখনৰ উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ সহযোগত থ্রী ডি প্রিন্টেড বেলট মেচিন প্ৰস্তুত কৰি উলিয়াইছে। এই যন্ত্ৰটোৰ সহায়ত নতুন ভোটাৰসকলে ইলেকট্রনিক ভোটিং মেচিন ব্যৱহাৰৰ বিষয়ে শিকাৰ লগতে ভোটদানৰ ক্ষেত্ৰত থকা শংকা আঁতৰ কৰি সজাগতা সৃষ্টি কৰিব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জানিবলৈ দিছে। আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ সহকাৰী অধ্য...

April 16, 2024 7:17 PM

views 32

অসমৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্রিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত নিৰ্বাচনী পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সু...

April 16, 2024 12:25 PM

views 18

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি কাইলৈ বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। ৫ বজাৰ পিছত দলসমূহে কোনোধৰণৰ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব। উল্লেখ্য যে অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির...