May 17, 2024 6:39 PM

views 39

অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত

মৰিগাঁও জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তথা অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি উদ্যোক্তাসকলক এই পদক্ষেপৰ বাবে প্ৰশংসা কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এই বিজ্ঞান প্রদর্শনীত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ৫টা দলক ৰাজ্যিক বিজ্ঞান সমাৰোহলৈ বাছনি কৰা হ'ব।

May 9, 2024 6:46 PM

views 36

শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ, বাণিজ্য শাখাত ৮৭.৮০ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২,৭৩,৯০৮ গৰাকী পৰিক্ষাৰ্থীৰ মাজৰ পৰা ২,৪২,৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখ...

May 9, 2024 5:32 PM

views 41

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১,১৩৩ গৰাকী প্ৰথম বিভাগত, ৬৬,৪০৮...

May 11, 2024 6:46 PM

views 39

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে। শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই সংবাদ মেলযোগে কয় যে ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই থকা হৈছে। আজি ফলাফল ঘোষণা কৰা হ'ব বুলি ওলোৱা জাননীখনক তেওঁ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে। ফলাফলক লৈ দুষ্টচক্ৰই চলোৱা অপপ্ৰচাৰত তেওঁ গৰিহণা দিয়ে। আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত স্থান থাকিব নে নাই, সেই সিদ্ধান্ত পৰীক্ষা সমিতিয়ে ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰ...

May 4, 2024 12:20 PM

views 37

২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে'ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফল চি বি এছ ইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে এইবাৰৰ চি বি এছ ইব বোর্ড পৰীক্ষাত মুঠ ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

April 22, 2024 11:23 AM

views 32

প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা

প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূর্ণ নির্দেশনা দিছে। ইতিমধ্যে, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে । সেই অনুসৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ বেগৰ ওজন পৰীক্ষা কৰিবলৈও নির্দেশনা দিয়া হৈছে। ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বেগৰ ওজন চৰকাৰে নিৰ্ধাৰণ কৰা ওজনতকৈ অধিক হোৱাটো বিভাগৰ দৃষ্টিগোচৰ হোৱা বুলিও নিৰ্দেশ...

April 3, 2024 1:33 PM

views 92

অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব

♦ ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ এনে শিক্ষানুষ্ঠানসমূহক দৰ্পণ পোৰ্টেলৰ পৰা আতৰোৱা হ'ব বুলিও এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। অৱশ্যে যিবোৰ শিক্ষানুষ্ঠানে যাৱতীয় তথ্যৰ সৈতে অনুমতিৰ বাবে শিক্ষা সংসদত ইতিমধ্যে আবেদন জনাইছে, তেনে শিক্ষানুষ...