November 6, 2024 10:34 AM

views 35

উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

■ ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত নির্বাচনী প্ৰচাৰ সভাতো অংশগ্রহণ কৰিব। আজি চিদলী বিধানসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলেও নির্বাচনী প্ৰচাৰ সভাত অংশ ল'ব । সমষ্টিটোত বি পি এফ প্রা...

November 5, 2024 1:18 PM

views 20

বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি ধলাই বিধানসভা সমষ্টিত উপ নির্বাচনৰ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ এন এম পি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী সভাত অংশ লৈছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পালাংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সভাত ভাষণ দিব। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ...

November 5, 2024 10:16 AM

views 37

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। চিৰাং জিলাৰ চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোত মন্ত্ৰী অশোক স...

November 4, 2024 6:31 PM

views 59

উপ-নির্বাচনৰ বাবে শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহৰ সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভা

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰিছে। মন্ত্রী পীযূষ হাজৰিকাই বিহালী সমষ্টিৰ কেইবাটাও অঞ্চলত বিজেপিৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জীত দত্তকে ধৰি ভালকেইগৰাকী বিজেপি নেতাই এই প্ৰচাৰ সভাত উপস্থিত থাকে। ইপিনে মন্ত্ৰী ৰণজিত কুমাৰ দাসে বঙাইগাঁও ব...

November 4, 2024 6:13 PM

views 26

উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনৰ সহযোগত নির্বাচনী বিভাগৰ নিৰ্বাচনত নিয়োজিত বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ

অসমৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। চিৰাং জিলাৰ চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোত মন্ত্রী অশোক সিং...

November 3, 2024 7:45 PM

views 30

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি চামগুৰি সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ইপিনে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰে পৰা এই বিধি উলংঘাকাৰী ঘটনাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। কালি জিলাখনৰ ৰূপহীহাট থানাৰ অন্তৰ্গত লাওখোৱা পথত চাৰে চাৰি ল...

November 3, 2024 11:27 AM

views 30

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমর্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্ৰজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। ইফালে, বিহালী বিধানসভা সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অ...

October 27, 2024 8:32 PM

views 25

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা-কৰ্মীসকলে উপ-নির্বাচন হ'বলগীয়া সমষ্টিসমূহৰ কেইবাটাও প্ৰান্তত প্ৰচাৰ চলায়। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি বিহালী সমষ্টিত দলীয় প্রার্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলায়। সাংসদ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ ভিন্ন প্ৰান্তত তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ সভাত অংশ লয়।

October 26, 2024 7:50 PM

views 33

বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ ‘আপ’ৰ

আম আদমী পার্টিয়ে বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। তালিকাত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমত নির্বাচনী প্ৰচাৰ চলাব। প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়া, দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ লগতে পঞ্জাবৰ ভগৱন্ত মানেও অসমত প্ৰচাৰ চলাবলৈ আহিব। ইয়াৰোপৰি প্ৰাক্তন ক্ৰিকেটাৰ তথা আপৰ ৰাজ্যসভাৰ সাংসদ হৰভজন সিং, সঞ্জয় সিং, দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ লগতে ২৮ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অসম...

October 25, 2024 11:23 AM

views 24

অসমৰ আসন্ন বিধানসভা উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

ৰাজ্যৰ পাঁচটা বিধানসভা নিৰ্বাচনৰ বাবে হ'বলগীয়া আসন্ন উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। আজি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্রার্থী জয়ন্ত বৰাই মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ কথা আছে। ছিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে আজি মনোনয়ন-পত্ৰ দাখিল কৰিব। বৰ্তমানলৈকে ৰাজ্যৰ পাঁচটা সমষ্টিৰ বাবে মুঠ ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। উপ- নিৰ্বাচনৰ দি...