ৰাজ্যৰ পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা-কৰ্মীসকলে উপ-নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ কেইবাটাও প্ৰান্তত প্ৰচাৰ চলায়। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি বিহালী সমষ্টিত দলীয় প্রার্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলায়। সাংসদ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ ভিন্ন প্ৰান্তত তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ সভাত অংশ লয়।
Assamese | October 27, 2024 8:32 PM | Assam Bye-Election
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত