November 12, 2024 9:20 AM

views 28

দুলীয়াজানত অনুষ্ঠিত অসম গ্ৰন্থমেলাত প্রায় ৪০ লাখ টকাৰ কিতাপ বিক্ৰী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত অসম গ্ৰন্থ মেলাৰ কালি সামৰণি পৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৪০ লাখ টকাৰ কিতাপ বিক্ৰী হয়। সামৰণি অনুষ্ঠানত কালি শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কিতাপ পঢ়াৰ আন্দোলনত সকলোকে চামিল হ’বলৈ আহ্বান জনায়। তেওঁ কয়, যে অধ্যয়নে অশান্ত মনক শান্ত কৰিব পাৰে। সেয়েহে সৰুৰেপৰা ল'ৰা-ছোৱালীক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি পঠনৰ জৰিয়তে ...

November 2, 2024 6:41 PM

৫ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বাকৰিত ভিন ভিন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব।

November 2, 2024 12:43 PM

views 20

অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানত অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বাকৰিত ভিন ভিন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব ।

November 1, 2024 7:49 PM

views 38

অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ ডুলিয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ ডুলিয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্রহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বাকৰিত ভিন ভিন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব।

October 14, 2024 8:10 PM

views 14

বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ'ব। আজি এটা বিবৃতিযোগে পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্র আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। ন...