January 19, 2026 12:33 PM

views 15

দুলীয়াজানত ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ সপ্তদশ সংস্কৰণ আৰম্ভ

 দুলীয়াজানত ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ সপ্তদশ সংস্কৰণ কালি আৰম্ভ হৈছে। অহা ২৪ জানুৱাৰীলৈ হ'বলগীয়া এই গ্রন্থমেলা দুলীয়াজান সাহিত্য সভাৰ সভাপতি তথা গ্রন্থমেলা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ড০ অজিত শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ মুকুল চন্দ্র বৰাই গ্ৰন্থমেলাৰ দ্বাৰ আনুষ্ঠানিকভাবে মুকলি কৰে। গ্রন্থ উন্মোচনী অনুষ্ঠানত অণু শইকীয়াৰ শিশু গ্রন্থ আইতাৰ একুঁকি সাধু, বীণা বিশ্বাসৰ গল্প সংকলন গল্পৰ মূৰৰ কথা উন্মোচন কৰা হয়।

January 6, 2026 12:39 PM

views 33

অসম গ্ৰন্থ মেলাৰ আজি সামৰণি অনুষ্ঠানত ৰণোজ পেগুৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থ মেলাৰ আজি সামৰণি পৰিব। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্রন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্রয়োদশ দিনালৈ গ্রন্থমেলাত মুঠ ৬ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্রী হয় বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে। আজি বিয়লি আঢ়ৈ বজাত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদ...

January 5, 2026 12:55 PM

views 33

অসম গ্ৰন্থমেলাত আজি দিনৰ ২.৩০ বজাত ‘অসমীয়া নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন’ শীর্ষক আলোচনা সত্ৰ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থ মেলাত আজি দিনৰ আঢ়ৈ বজাত ‘অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন’ শীর্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক দুলাল ৰয়ে এই আলোচনা সত্ৰ উদ্বোধন কৰিব। নাট্যকাৰ তথা নাট পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰিবলগীয়া এই আলোচনা সত্ৰত নাট্যকাৰ কৰুণা ডেকা, নাট পৰিচালক মাণিক আহমেদ, লেখক-নাট সমালোচক সঞ্জীৱ কুমাৰ শৰ্মা, লেখক-অধ...

January 2, 2026 9:03 PM

views 20

অসম গ্রন্থমেলাত বিগত ৯ দিনত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

যোৱা ২৪ ডিচেম্বৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ আজি দশম দিনাও গ্রন্থপ্ৰেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে। অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্রেতাসকলে প্রকাশ কৰা অনুসৰি বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। প্ৰকাশন পৰিষদৰ জুবিন গাৰ্গ সোঁৱৰণি অস্থায়ী প্ৰেক্ষাগৃহত সাহিত্য আলচ শীর্ষক এখন লেখক-পাঠক সমাৰোহ অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু বিশিষ্ট লেখক নোমল মাহাত্তাই উদ্বোধন কৰা সমাৰোহখন অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে স...

January 2, 2026 12:33 PM

views 23

বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্রী

 ইংৰাজী নৱবৰ্ষৰ কালি পহিলা দিনটোত অসম প্রকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পৃথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্রন্থ মেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম দেখা যায়। বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্রী হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৱা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ প্ৰতি গ্রন্থপ্রেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে বুলি অসম প্রকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্রেতাসকলে প্রকাশ কৰিছে। উল্লেখযোগ...

January 1, 2026 1:08 PM

views 24

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও মনোজ্ঞ অনুষ্ঠান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি নৱম দিনা গ্রন্থপ্ৰেমীৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে। আজি বছৰৰ প্ৰথম দিন হোৱা হেতুকে প্রতি বছৰৰ দৰে বহু গ্রন্থপ্ৰেমীয়ে নিজৰ পছন্দৰ কিতাপখন ক্ৰয় কৰাৰ বাবে গ্ৰন্থমেলাথলীত উপস্থিত হ'ব। আজি বিয়লি আঢ়ৈ বজাত গ্রন্থমেলাথলীত ‘গল্পগাঁথা’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্ত...

December 31, 2025 1:03 PM

views 17

অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিন; গ্রন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠানৰ লগতে কবি সন্মিলনৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থ মেলাৰ আজি অষ্টম দিনা দিনৰ ১ বজাত গ্রন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটো লেখক, গৱেষক তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই পৰিচালনা কৰিব। বিয়লি ৩ বজাত কবি অনুভৱ তুলসী সোঁৱৰণি কবি সন্মিলন অনুষ্ঠিত হ'ব। কবি, লেখক, বিজ্ঞানী, বিপুলজ্যোতি শ‍ইকীয়াই এই সন্মিলন সঞ্চালন কৰিব। সন্ধিয়া ৫ ...

December 29, 2025 7:49 PM

views 10

অসম গ্রন্থ মেলাৰ আজি ষষ্ঠ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা: সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হৈছে। আলোচনা সত্রখন বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উদ্বোধন কৰে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সঞ্চালনা কৰে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া...

December 27, 2025 6:27 PM

views 21

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই সন্মিলন লেখক তথা জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ শান্দিল্যই সঞ্চালনা কৰে। জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্যৰ আলোচনা সত্ৰত ‘আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা' সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হয়। কিছু সময়ৰ পাছত গ্ৰন্থমেলাৰ বাকৰিত...

December 26, 2025 6:08 PM

views 26

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য' শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰে। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অন্দিম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত কবি-সমালোচক তথা গুৱাহাটী বিশ্ববিদ...