December 20, 2025 6:30 PM

views 19

অহা ২৪ ডিচেম্বৰৰ পৰা হ’বলগীয়া অসম গ্রন্থমেলাত ২৭ ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মীলন

গুৱাহাটীৰ খানাপাৰাত অহা ২৪ ডিচেম্বৰৰ পৰা হ'বলগীয়া অসম গ্রন্থমেলাত ২৭ ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মীলন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আবেদনৰ ভিত্তিত ৩৫ বছৰ অনুৰ্ধৰ ৩৫ গৰাকী যুৱ লেখক-লেখিকাক বাছনিৰ ব্যৱস্থা কৰা হৈছে। আগ্রহী লেখক-লেখিকাসকলে ২৩ ডিচেম্বৰৰ পূর্বে অসম প্রকাশন পৰিষদৰ ৱেবছাইটত উন্মীলন শীর্ষক গুগলৰ প্ৰ-পত্ৰখন পূৰণ কৰিব লাগিব। খানাপাৰা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ২৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত এই কার্যসূচী অনুষ্ঠিত হ'ব। যুৱ লেখক লেখিকাসকলৰ মাজৰ পৰা বাচনি কৰ...

December 4, 2025 7:20 PM

views 28

তিনিচুকীয়াত ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে তিনিচুকীয়াত আয়োজন কৰা ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। যুৱ লেখকসকলৰ মাজত গ্ৰন্থ সংস্কৃতি অধিক দৃঢ় কৰা আৰু পঠন অভ্যাস তথা বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। উন্মিলন অনুষ্ঠানত লেখকসকলৰ লগতে গীতিকাৰ-সুৰকাৰ, কণ্ঠশিল্পী-চিত্রশিল্পী আদিকো সামৰি লোৱা হয়। কবি-লেখক নৱজ্যোতি পাঠকে আজি এই অনুষ্ঠানৰ সঞ্চালনা কৰে। অনুষ্ঠানত ভালেসংখ্যক যুৱ...

November 14, 2025 12:09 PM

views 60

অসম গ্ৰন্থমেলাৰ যোৰহাট সংস্কৰণৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে পালন কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক বিক্রেতা সন্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাৰ যোৰহাট সংস্কৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলা ক্রীড়া সন্থাৰ খেলপথাৰত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে আজিৰেপৰা দহদিনীয়াকৈ এই গ্রন্থমেলা অনুষ্ঠিত হ'ব। আজি বিয়লি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্রুবজ্যোতি বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্রাধ্যাপক...

November 10, 2025 7:15 PM

views 37

লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ১ নৱেম্বৰৰ পৰা লখিমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিছে। এই উপলক্ষে আজি বিয়লিৰ ভাগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত ড° গোস্বামীয়ে সময়ৰ প্ৰত্যাহ্বান নেওচি গ্ৰন্থৰ জনপ্ৰিয়তা অটুত আছে বুলি উল্লেখ কৰে। এই গ্ৰন্থমেলাৰ ১০ দিনত ৪০ৰ পৰা ৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ ক...

November 2, 2025 12:15 PM

views 42

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্রন্থমেলা অনুষ্ঠিত

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰে পৰা অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্রীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন কালি উদ্বোধন কৰা হয়। বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত শিক্ষা মন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্রন্থমেলাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়তে জ্ঞান আ...

November 1, 2025 12:10 PM

views 32

আজিৰে পৰা ১০ দিনীয়াকৈ লখিমপুৰত অসম গ্ৰন্থমেলাৰ আয়োজন

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সন্থাৰ উদ্যোগত লখিমপুৰ কমাৰ্চ কলেজৰ স্পোর্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে আজিৰে পৰা ১০ দিনীয়াকৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আজি বিয়লি শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰনোজ পেগুৱে গ্রন্থমেলাখন উদ্বোধন কৰিব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষাল বিশেষ অতিথিৰূপে উপস্থিত থাকিব। উদ্বোধনী সভাত বিধায়ক মানৱ ডেকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অৰূপজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ...

October 31, 2025 7:10 PM

views 30

অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সন্থাই আয়োজন কৰি অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ স্পোর্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে কাইলৈৰ পৰা ১০ দিনীয়াকৈ অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি চাৰে তিনি বজাত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰনোজ পেগুৱে গ্রন্থমেলাখন উদ্বোধন কৰিব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষাল বিশেষ অতিথিৰূপে উপস্থিত থাকিব। কাইলৈৰ উদ্বোধন...

January 7, 2025 8:32 PM

views 27

১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি

সাহিত্য-সংস্কৃতি-ভাষা-ইতিহাস আদিকে ধৰি এলানি বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ কিতাপ বিক্ৰী হয় বুলি প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। আজি অন্তিম দিনাৰ সামৰণি অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ড০ সচ্চিদানন্দ যোশীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীযোশীয...

January 7, 2025 1:48 PM

views 69

সুমন্ত চলিহাৰ সভাপতিত্বত আজি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত আজিও পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। আজি অন্তিম দিনা বিয়লি হ'বলগীয়া সামৰণি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সভাপতিৰূপে অংশগ্রহণ কৰিব। এই অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ড° সচ্চিদানন্দ যোশী, গুৱাহাটী বিশ্ববিদ্যালয...

January 5, 2025 11:03 AM

views 36

অসম গ্ৰন্থ মেলাত আজি শিশুৰ দিন

অসম গ্ৰন্থ মেলাত আজি শিশুৰ দিন শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ চিত্রাংকন, মুকলি কুইজ, কবিতা আবৃত্তি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্রন্থমেলাত কালি পর্যন্ত ৫ কোটি ১০ লাখ টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।