November 25, 2025 9:54 PM

views 27

অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রীয়ে সদনক জনায় যে, অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া FAST TRACK COURT ৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। এছ আই টিয়ে বৰ্তমানলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ২৫২ জনৰ সাক্ষ্য গ্রহণ কৰাৰ লগতে ৭ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে সদনক জনাই যে অসম আৰক্ষীৰ হাতত জুবিন গাৰ্গক যে পৰিকল্পিকভাৱে হত্যা কৰা হৈছিল ইয়াৰ যথেষ্ট প্ৰমাণ আছে আৰু এই প্ৰমাণৰ ভিত্তিতেই আৰক্ষীয়ে আদালতত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ভাৰতীয়...

November 25, 2025 9:52 PM

views 30

অসম বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ

কংগ্ৰেছ, এ আই ডি ইউ এফ, ৰাইজৰ দল আৰু চি পি এমে আজি সদনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমর্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই লগতে জুবিনৰ গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি বি আইৰ তদন্ত দাবী কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখি...

November 25, 2025 12:19 PM

views 43

অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

● অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কৰ্মদিন থাকিব। কিছু সময়ৰ পাছতে আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বা...

November 24, 2025 6:19 PM

views 37

কাইলৈ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই উপলক্ষে কালি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই চৰকাৰী পক্ষৰ হৈ অংশ লয়। বৈঠকত শাসক-বিৰোধীয়ে কেইবাটাও বিষয়ত আলোকপাত কৰে। এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপনৰ বাবে ১০খন বিধেয়ক তালিকাভুক্ত হৈছে। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। কাইলৈ বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ ...

November 6, 2025 10:58 AM

views 33

অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ দলৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

● অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ এটা দলে কালি ডিমা হাচাও জিলাৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাৰ নেতৃত্বৰ দলটোৱে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়িত উন্নয়নমূলক কাম-কাজসমূহৰ বুজ লয়। এই দলটোত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়া, কাটলিচেৰাৰ বিধায়ক চুজামুদ্দিন লস্কৰৰ উপৰি কেইবাগৰাকীও শীর্ষ চৰকাৰী বিষয়া উপস্থিত থাকে। দলটোৱে আন্তঃগাঁথনিমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে বিভিন্ন বিষয়া সন্...

October 27, 2025 8:56 PM

views 45

অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিশপুৰত অহা ২৫ নৱেম্বৰত আৰম্ভ হ’ব

অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিশপুৰত অহা ২৫ নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এই বিষয়ে প্ৰকাশ কৰিছে। তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদনৰ লগতে...

June 9, 2025 7:41 PM

views 37

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বিমান বন্দৰ, ডিব্ৰুগড় নামেৰে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে। আজি দিছপুৰত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত পৰিবহণ মন্ত্রী যোগেন মহনে এই সন্দৰ্ভত উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে। সদনত সংকল্প প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য মন্ত্রীসভাই এই সন্দৰ্ভত গ্রহণ কৰা সিদ্ধান্তমৰ্মে এই সংকল্প প্ৰস্তাৱটো উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ...

June 8, 2025 7:16 PM

views 36

সোমবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন কাইলৈ অনুষ্ঠিত হ'ব। বিধানসভাৰ বিশেষ অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড০ ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীগোটৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি সদনে এই প্ৰস্তাৱ গ্ৰহণ কৰিব। এদিনীয়া বিশেষ অধিবেশনত প্রশ্নোত্তৰ শিতান নাথাকে। সদনৰ শূন্যকালীন ঘণ্টাতো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব। সম্প্রতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ...

June 8, 2025 12:18 PM

views 32

সোমবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন কাইলৈ অনুষ্ঠিত হ'ব। অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড° ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্যাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে।

May 26, 2025 12:21 PM

views 34

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন উপলক্ষে অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে পূৰ্বে আলোচনা কৰা অনুসৰি ডিব্ৰুগড় বিমান বন্দৰটো ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে। ভাৰতীয় সংবিধানৰ ১৭৪-এক নম্বৰ অনুচ্ছেদৰ অধীনত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই এই অধিৱেশনৰ আহ্বান জনাইছে। এই অনুসৰি সেইদিনা পুৱা চাৰে ৯ বজাৰ পৰা অধিৱেশনৰ কাম-কাজ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কিছুদিন পূর্বে অসম মন্ত্ৰীসভাৰ বৈঠকত বিশ্ববৰেণ্য শিল্পীগ...