ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 12:21 PM | Assam Assembly

printer

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন উপলক্ষে অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হব। এই অধিৱেশনতে পূৰ্বে আলোচনা কৰা অনুসৰি ডিব্ৰুগড় বিমান বন্দৰটো ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে। ভাৰতীয় সংবিধানৰ ১৭৪-এক নম্বৰ অনুচ্ছেদৰ অধীনত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই এই অধিৱেশনৰ আহ্বান জনাইছে। এই অনুসৰি সেইদিনা পুৱা চাৰে ৯ বজাৰ পৰা অধিৱেশনৰ কাম-কাজ অনুষ্ঠিত হব। উল্লেখযোগ্য যে কিছুদিন পূর্বে অসম মন্ত্ৰীসভাৰ বৈঠকত বিশ্ববৰেণ্য শিল্পীগৰাকী শতবার্ষিকী উদযাপন সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল। এই অনুসৰি অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক কৰা সাক্ষাতৰ সময়তো শতবার্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক