August 29, 2025 8:08 PM

views 19

এচিয়া কাপ হকী প্রতিযোগিতাত চীনৰ বিৰুদ্ধে ভাৰতৰ ৪-৩ গ’লত জয়লাভ

এচিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে আজি নিজৰ প্ৰথমখন খেলত চীনক ৪-৩ গ'লত পৰাস্ত কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমন প্রীত সিঙৰ হেট্ৰিক গ'ল আৰু যুগৰাজ সিঙৰ এটা গ'লেৰে খেলখনত ভাৰতে আধিপত্য বিস্তাৰ কৰে। চীনৰ হৈ দ্যু চিহাওৱে একমাত্ৰ গ'লটো কৰে। উল্লেখযোগ্য যে অহা বছৰ বেলজিয়ামত হবলগীয়া হকী বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ এই প্ৰতিযোগিতাখনেই হৈছে ভাৰতৰ বাবে অন্তিমটো সুযোগ। হকী এচিয়া কাপত পুল-এত ভাৰত আৰু চীনৰ সৈতে জাপান আৰু কাজাখস্তানক স্থান দিয়া হৈছে। ইপিনে, পুল-বিত আছে দক্ষিণ কোৰিয়া, মালয়েছিয়া, বাংলাদেশ...

August 19, 2025 8:27 PM

views 18

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা

অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ'বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো আজি ঘোষণা কৰা হৈছে। সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত ভাৰতৰ টেষ্ট অধিনায়ক শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টি দলৰ অধিনায়ক সূৰ্য্য কুমাৰ য়াদৱে আজি মুম্বাইত দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰে। দলটোৰ বাকী সদস্যসকল হৈছে- অভিষেক শর্মা, হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, যশপ্রীত বুমৰা, জীতেশ শর্মা, শিভম ডুবে, অর্শদ...

December 4, 2024 12:13 PM

views 22

ভাৰত আৰু পাকিস্তানৰ মাজত আজি জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত

ওমানৰ মাস্কটত চলি থকা জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। বৰ্তমানৰ চেম্পিয়ন ভাৰতে কালি দ্বিতীয়খন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ গ'লত পৰাজিত কৰে। ভাৰতৰ হৈ খেলৰ ১০ মিনিটত দিলৰাজ সিং, ৪৫ মিনিটত ৰোহিত আৰু ৫২ মিনিটত সাৰদানন্দ তিৱাৰীয়ে গ'ল কেইটা কৰে। পাকিস্তানে প্রথমখন ছেমি ফাইনেলত জাপানক ৪-২ গ'লত পৰাজিত কৰিছিল।

July 24, 2024 10:41 AM

views 21

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালক ৮২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে ১৭৯ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯৬ ৰাণ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দিপ্তী শৰ্মাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ৰাধা যাদৱ আৰু অৰুন্ধতী ৰেড্ডীয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্বেফালি বাৰ্মাৰ ৮১ আৰু দয়ালন হেমলতাৰ ৪৭ ৰাণৰ সহায...

July 18, 2024 5:29 PM

views 29

কাইলৈৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন কাইলৈ গ্রুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ ‘এ’ত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংক...