August 28, 2025 8:33 PM

views 10

শোণিতপুৰত প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি মন্ত্রী অশোক সিংঘালৰ

মন্ত্রী অশোক সিংঘালে আজি শোণিতপুৰ জিলাৰ প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি কৰে। ঢেকীয়াজুলিৰ ভোটপাৰাত এই উপলক্ষে আয়োজিত সভাত অংশ লৈ তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। সমাজৰ অপশক্তি আৰু অপৰাধ চক্ৰৰ বিৰুদ্ধে ৰাইজ একত্রিত হব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ স্থান নাই বাবে আজি বৰ্হিৰাজ্যত আৰক্ষী আহি অসমত প্ৰশিক্ষণ লৈছে বুলি তেওঁ কয়। জাতি-মাটি-ভেটি সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিজয়ী নোহোৱালৈকে য...

August 3, 2025 6:34 PM

views 24

শোণিতপুৰ জিলা দিৱস উপলক্ষে ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠান

শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি আজি ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী সিংহলে শোণিতপুৰ জিলাৰ বিকাশ, সংস্কৃতি আৰু বলিষ্ঠ অৱদানৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত স্থানীয় কলা-সংস্কৃতিৰ বিকাশৰ বাবে নবীন-প্রবীণ শিল্পীৰ দ্বাৰা চিত্ৰাংকন আৰু প্ৰদৰ্শনী আয়োজিত হয়।

July 29, 2025 10:41 PM

views 22

কলিয়াবৰৰ হাতীমূৰা জলসিঞ্চন আঁচনি পৰিদৰ্শন জলসিঞ্চন মন্ত্রী অশোক সিংহালৰ

জলসিঞ্চন মন্ত্রী অশোক সিংহালে আজি কলিয়াবৰৰ হাতীমূৰা জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰে। এই আঁচনিৰ জৰিয়তে খৰালি কালত কৃষি ভূমিলৈ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই প্ৰকল্পটো পুনৰনিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে ধন আবণ্টন দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই পৰিদৰ্শন কালত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল। মন্ত্রী সিংহালে আজি জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে।

February 20, 2025 6:54 PM

views 30

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব। স্বাস্থ্যমন্ত্রী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্রকাশ কৰে। তেঁও কয়, যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় এহেজাৰ ছশ চিকিৎসকৰ পদ খালী হ'ব। এই পদসমূহ পূৰণ কৰিলে জনসাধাৰণে চিকিৎসালয়সমূহত পর্যাপ্ত চিকিৎসক লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। কংগ্ৰেছৰ বিধায়ক ডাঃ আছিফ নাজাৰৰ নগাওঁৰ চিকিৎসালয়সমূহত পর্যাপ্ত ঔষধ আৰু সা-সুবিধা মজুত...

February 10, 2025 7:18 PM

views 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি ঢেকীয়াজুলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলক সন্তানৰ সুস্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিৱেশ, বিশুদ্ধ পানী সেৱন আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। উত্তৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতি...

January 31, 2025 10:28 AM

views 20

ৰাজ্যৰ চৰকাৰী চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছনত ১৫ ফেব্ৰুৱাৰীৰ পৰা এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট হ’বঃ স্বাস্থ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছন অর্থাৎ নিদানপত্ৰত এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট কৰা হ'ব। ৰোগীয়ে এনে নিদানপত্ৰত লিখি দিয়া ঔষধ সংশ্লিষ্ট চিকিৎসালয়খনত নাপালে এই নম্বৰটোত অভিযোগ দাখিল কৰিব পাৰিব আৰু সেই অনুযায়ী কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি শ্রীভূমি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে। তেওঁ কয়, যে চৰকাৰে চৰকাৰী চিকিৎসালয়সমূহত পর্যাপ্ত পৰিমাণে সকলো ঔষধ যোগান ধৰে সেয়েহে ৰোগীয়...

January 30, 2025 8:57 PM

views 27

শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন অশোক সিংহলৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে আজি শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত মন্ত্ৰী শ্ৰীসিংহলে জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলাখনত মাতৃ আৰু শিশুৰ মৃত্যু বিষয়টো বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে এনে মৃত্যুৰ কাৰণ শীঘ্ৰে অৱগত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰতিটো স্বাস্থ্যসেৱা এলেকা নিয়মীয়াকৈ পৰিদৰ্শ...

January 19, 2025 7:11 PM

views 24

গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহলৰ ঐতিহাসিক উপদ বিল পৰিদৰ্শন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহলে আজি জিলাখনৰ ঐতিহাসিক উপদ বিলত উপস্থিত হৈ বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ লগতে বিলখন পৰিদৰ্শন কৰে। বিলখন পৰিদৰ্শন কৰি তেওঁ কয়,যে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও বিলখনৰ যথেষ্ট উন্নয়ন কৰা হৈছে যদিও ইয়াৰ অধিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। বিলখনৰ কিছু অংশ বেদখলকাৰীৰ কৱলত পৰিছে। তেওঁ কয়, যে চৰকাৰে বেদখল মুক্ত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আগিয়াৰ সমীপত থকা প্ৰায় ৩,৫০০ বিঘা আয়তনৰ বিলখনক অধিক আ...

August 25, 2024 7:04 PM

views 25

গুৱাহাটীৰ ফাঁচীবজাৰৰ নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল গুৱাহাটীৰ ফাঁচীবজাৰ অঞ্চলত ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থাই আয়োজন কৰা নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত উপস্থিত থাকে। এই শিবিৰত ৰাজ্যৰ ২৬৫ গৰাকী দিব্যাংগ লোকে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সংস্থাটোৱে প্ৰদৰ্শন কৰা সামাজিক দায়বদ্ধতাই ৰাজ্যৰ দিব্যাংগ লোকসকলক মৰ্যদাসহ জীয়াই থকাত সহায় কৰিব।

August 11, 2024 7:35 PM

views 33

ঢেকীয়াজুলীত মন্ত্রী অশোক সিংহালৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ

গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংহালে আজি ঢেকীয়াজুলীৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাগদৰ্শনত অসম চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ যুৱতীৰ সৱলীকৰণ সম্ভৱপৰ হৈ উঠিব বুলি শ্রী সিংহালে আশা প্রকাশ কৰে। তেওঁ কয় যে, নিযুত ম‍ইনা আঁচনিয়ে কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আর্থিক বৰঙণি যোগোৱাৰ জৰিয়তে সমাজৰ পৰা বাল্য বিবাহৰ দৰে অশুভ পৰম্পৰাসমূহ আঁতৰ কৰাত সফল হ'...