স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে আজি শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত মন্ত্ৰী শ্ৰীসিংহলে জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলাখনত মাতৃ আৰু শিশুৰ মৃত্যু বিষয়টো বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে এনে মৃত্যুৰ কাৰণ শীঘ্ৰে অৱগত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰতিটো স্বাস্থ্যসেৱা এলেকা নিয়মীয়াকৈ পৰিদৰ্শন কৰি এইক্ষেত্ৰত সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে মাতৃ মন্দিৰ গঠনৰো পৰামৰ্শ আগবঢ়ায়। লোকনির্মাণ বিভাগে জিলাখনৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বৰ্তমান নিৰ্মাণ কৰি থকা ভৱনসমূহৰ অগ্ৰগতিৰ বিষয়ে অনুসন্ধান আৰু পৰ্যালোচনা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। আজিৰ এই বৈঠকত মন্ত্রী কৃষ্ণেন্দু পাল, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদ, জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদীৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।
Assamese | January 30, 2025 8:57 PM | Ashok singhal
শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন অশোক সিংহলৰ