June 19, 2025 12:32 PM

views 22

কামৰূপ জিলাৰ অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণ

■ কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমিনগাঁৱত অৱস্থিত গুৱাহাটী বায়’টেক পাৰ্কত হ'বলগীয়া এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

June 10, 2025 1:08 PM

views 22

অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা

অ' এন জি চিয়ে তেওঁলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিছে। এই কেন্দ্ৰসমূহৰ ভিতৰত অসমৰ শিৱসাগৰ, যোৰহাট আৰু কাছাৰত ২৮ টা কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত স্মার্ট টি ভি, ব্লুটুথ স্পীকাৰ, শিক্ষামূলক সামগ্ৰী আদিৰ আধুনিক সুবিধা সংযোজন কৰা হৈছে। প্ৰায় পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰসমূহৰ হস্তান্তৰ প্ৰক্ৰিয়া অলপতে শিৱসাগৰত আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়।