February 14, 2025 8:46 PM

views 31

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে ৩খন ফৌজদাৰী আইন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেন্সিক সন্দৰ্ভত মহাৰাষ্ট্ৰত এই তিনিওখন আইনৰ কাৰ্যকৰীকৰণ আৰু ইয়াৰ বৰ্তমান স্থিতি সন্দৰ্ভত এই পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ছোৱাত শ্ৰীশ্বাহে ম...

January 25, 2025 8:36 PM

views 19

বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি অমিত শ্বাহৰ

দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্রতিশ্রুতি দিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মহানগৰীখনত স্বতন্ত্রভাৱে কাম কৰা অস্থায়ী কৰ্মীসকলক ১০ লাখ টকাৰ জীৱন বীমা আৰু ৫ লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা প্ৰদান...

January 24, 2025 4:31 PM

views 23

গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব। এই উপলক্ষে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সেহকৰ সে সমৃদ্ধি’ লক্ষ্যক অধিক শক্তিশালী কৰাৰ বাবে সমবায় খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিব। ইয়াৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ, ২০২৫-ৰ বাৰ্ষিক কাৰ্যসূচীৰ কেলেণ্ডাৰো মুকলি কৰিব। নগৰীয়া সমবায় বেংকসমূহে ব্যৱসায়ত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে এটা ৰাষ্ট্ৰীয় নগৰ সমবায় বিত...

January 11, 2025 9:20 PM

views 24

২০২৪ বৰ্ষত ১৬,৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

২০২৪ বৰ্ষত ১৬ হাজাৰ ৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত আজি মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত অধ্যক্ষতা কৰি শ্ৰী শ্বাহে কয়, যে বিগত ১০ বছৰত প্ৰায় ২৪ লাখ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এই সময়ছোৱাত ৫৬ হাজাৰ ৮০০ কোটিৰো অধিক টকাৰ মাদকদ্ৰব্য বিনষ্ট কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয...

January 2, 2025 8:32 PM

views 28

নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages উন্মোচন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। কিতাপখন হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ কৰা হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান উপস্থিত থাকে।

December 30, 2024 8:39 PM

views 25

শ্ৰীমদ ৰাজচন্দ্ৰ অভিযানৰ বাৰ্ষিক উৎসৱৰ সামৰণি অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাজ্যখনৰ বালচাড় জিলাৰ ধৰ্মপুৰত শ্ৰীমদ ৰাজচন্দ্ৰ অভিযানৰ বাৰ্ষিক উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত গুজৰাটৰ বিত্ত আৰু শক্তিমন্ত্ৰী কানুভাই দেশাই আৰু গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘৱি উপস্থিত থাকে।

December 21, 2024 7:11 PM

views 30

আগৰতলাত অমিত শ্বাহৰ সভাপতিত্বত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠক অনুষ্ঠিত

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ উন্নয়নত প্ৰভূত গুৰুত্ব প্ৰদান কৰা হৈছে। যোৱা ১০ বছৰ উত্তৰ-পূবৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰি শ্ৰীশ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগকাৰীসকলক উত্তৰ-পূবত বিনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্রচেষ্টাসমূহৰ বিষয...

December 19, 2024 8:31 PM

views 29

গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰ দিশটোৰ লগতে নিৰাপত্তাজনিত অন্যান্য বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ'ব। জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই অঞ্চলটোত শান্তি আৰু স্থিৰতা কৌশলসমূহ পুনৰীক্ষণ কৰাৰ বাবে এই বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্র দ্বিবেদী, কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ সঞ্চালক সদানন্দ ডাতে, বি এছ এফৰ মুৰব্বী দলজিৎ সিং...

December 18, 2024 9:07 PM

views 23

ড° বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি বিৰোধী পক্ষক অভিযোগ চৰকাৰৰ

ড° বি আৰ আম্বেদকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি চৰকাৰে বিৰোধী পক্ষৰ প্ৰতি অভিযোগ তোলে। সংসদ ভৱনত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ৰাজ্যসভাত শ্ৰীশ্বাহৰ বক্তব্যৰ ক্ষুদ্ৰ অংশ এটা প্ৰচাৰ হৈছে, যাৰ ফলত তেওঁৰ মন্তব্য বিকৃত ৰূপত প্ৰকাশ পাইছে। সংসদৰ দুয়োখন সদনৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ এই বিষয়টোক লৈ বিৰোধী পক্ষ ব্যস্ত হৈ পৰা কথাটোতো তেওঁ সজোৰে বিৰোধিতা কৰে । প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে...

November 22, 2024 8:23 PM

views 24

দিল্লীৰ আইন-শৃংখলাৰ ক্ষেত্ৰত কোনো শিথিলতা সহ্য নকৰে বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত দিল্লীৰ আইন-শৃংখলাৰ ক্ষেত্ৰত কোনো শিথিলতা সহ্য নকৰে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীয়ে আজি দিল্লী আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষীৰ আয়ুক্ত আৰু অন্য জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। শ্রীশ্বাহে কয়, যে দিল্লীৰ জনসাধাৰণক সম্পূৰ্ণ ৰূপে নিৰাপদ অনুভৱ কৰোৱাটো প্ৰতিগৰাকী আৰক্ষী কৰ্মীৰ ব্যক্তিগ...