November 1, 2024 5:57 PM

views 33

গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা সৰ্ববৃহৎ প্ৰকল্প মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা ৰাজ্যখনৰ সৰ্ববৃহৎ প্ৰকল্পটো মুকলি কৰে। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা যাব। উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলেও অংশগ্ৰহণ কৰে।

October 26, 2024 9:21 PM

views 39

দেওবাৰে গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ পেট্‌’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ পশ্চিমবংগৰ পেট্‌’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দক্ষিণ এছিয়াৰ স্থল বন্দৰ কৰ্তৃপক্ষক সকলো দেশৰ সৈতে সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে পেট্র’প’ল বন্দৰটো হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ বৃহৎ স্থল বন্দৰ। ই ভাৰত আৰু বাংলাদেশৰ মাজৰ বেপাৰ বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হৈছে। ভা...

October 22, 2024 4:03 PM

views 28

গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে। তেওঁ লগতে কয় যে, নেতাগৰাকীয়ে অসাধাৰণ প্ৰশাসক হিচাপে পৰিচয় গঢ়ি তুলিছে আৰু বিকশিত ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ বাবে ভালেমান প্রচেষ্টা গ্রহণ কৰিছে। বিদেশ মন্ত্রী এছ জয় শংকৰে সা...

October 7, 2024 2:24 PM

views 19

ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে, শ্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা ৰাজহুৱা জীৱনত থকা সকলোৰে বাবে জীৱন্ত প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা একাগ্ৰতা আৰু উৎসৰ্গাৰ প্রতীক। শ্রীমোদীয়ে তেওঁৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ স্বাৰ্থ তথা জনসাধাৰণৰ কল্যাণৰ হকে উৎসৰ্গা কৰিছে ...

October 5, 2024 1:01 PM

views 31

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত ৫ লাখ ৪৩ হাজাৰ ৬০০ কিলোগ্ৰামতকৈ অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছ যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত ৫ লাখ ৪৩ হাজাৰ ৬০০ কিলোগ্ৰামতকৈ অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। গান্ধীনগৰত কালি এখন ৰাজহুৱা সভাত ভাষণ দি শ্ৰীশ্বাহে কয় যে, কেন্দ্ৰীয় চৰকাৰে যুৱ সমাজক সুৰক্ষিত কৰাৰ বাবে ভাৰতক নিচামুক্ত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে আৰু এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে গান্ধীনগৰত জনসাধাৰণ কেন্দ্ৰীক বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত তেওঁৰ জন্মস্থান মানসাৰ চিকিৎস...

September 28, 2024 8:15 PM

views 46

ছহীদ ভগত সিঙৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুক্তিযোদ্ধা ছহীদ ভগত সিঙৰ প্ৰতি তেওঁৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভগত সিঙক স্মৰণ কৰি কয় যে তেওঁ এগৰাকী অমৰ শ্বহীদ, যি নিজৰ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন আহুতি দিছিল। গৃহমন্ত্রী অমিত শ্বাহে কয় যে বিপ্লৱী ভগত সিঙে কেৱল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মাত মতা নাছিল, বৰং দেশৰ স্বাধীনতা আৰু সোণালী ভৱিষ্যতৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শ্ৰীশ্বাহে কয় যে ভগত সিঙৰ ত্যাগ পৰৱৰ্ত্তী সম...

September 16, 2024 6:11 PM

views 33

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে – দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰামবান, কিণ্টৱাৰ আৰু পাড্ডাৰত হ'বলগীয়া নির্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমদিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰচাৰ অভিযান তীব্ৰগতিত চলা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ২০ ছেপ্তেম্বৰত জম্মু ভ্ৰমণ কৰা...

September 13, 2024 9:01 PM

views 42

কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব। ৰাজভাষা বিভাগে হিন্দী ভাষা ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰিছে। হিন্দী দিৱস উপলক্ষে কাইলৈ শ্ৰীশ্বাহে ৰাজভাষা ভাৰতী আলোচনীৰ হীৰক জয়ন্তী বিশেষ সংস্কৰণ উন্মোচন কৰিব আৰু ৰাজভাষা গৌৰৱ তথা ৰাজভাষা কীৰ্তি বঁটাসমূহ প্ৰদান কৰিব। হীৰক জয়ন্তী অধিক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠানত এটা স্মাৰক...

September 11, 2024 1:14 PM

views 40

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয়ঃ গৃহমন্ত্রী

চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয় বুলি গৃহমন্ত্রী অমিত শ্বাহে মত প্রকাশ কৰিছে। নতুন দিল্লীত কানি চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আই ফ'ৰ চিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রযুক্তি মানৱ জীৱনৰ বাবে আশীর্বাদ হিচাপে বিবেচিত হৈছে যদিও বিভিন্ন সময়ত প্রযুক্তিয়ে মানুহৰ বিপদো মাতি আনিছে। তেনে ক্ষেত্ৰত চাইবাৰ সুৰক্ষা ৰাষ্ট্ৰৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি তেওঁ কয়। দেশৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট সেৱাৰ বর্ধিত ব্যৱ...

September 10, 2024 1:01 PM

views 24

ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। এই উপলক্ষে শ্ৰী শ্বাহে চাইবাৰ অপৰাধৰ পৰা সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা মুকলি কৰাৰ লগতে চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধী কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে সমন্বয় শীৰ্ষক এটা ৱেব আধাৰিত মড্যুল মুকলি কৰিব। তেওঁ লগতে চাইবাৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ৰাজ্যৰ কেন্দ্ৰীয়শাসিত অঞ্চল তথা কেন্দ্রীয় আৰক্ষী সংস্থা প্রশিক্ষিত বিশেষজ্ঞৰ ...