September 12, 2025 12:31 PM September 12, 2025 12:31 PM
251
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য ছৰ্জিঅ’ গ’ৰৰ
নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রদূত হিচাপে মনোনিত ছৰ্জিঅ' গ'ৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য কৰিছে। দেশখনৰ উচ্চ সদন চিনেটত নিজৰ নিযুক্তিৰ সময়ত শ্ৰীগ'ৰে, ভাৰতক দেশখনৰ কৌশলগত সহযোগী বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতৰ ভৌগোলিক অৱস্থান, আর্থিক বিকাশ আৰু সামৰিক সামৰ্থই দেশখনক আঞ্চলিক সুস্থিৰতা মূল স্তম্ভ কৰি তোলে। উমৈহতীয়া সমৃদ্ধি আৰু সুৰক্ষাৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশৰ পৰাও ভাৰত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগ'ৰ...