June 23, 2025 11:48 AM June 23, 2025 11:48 AM

views 7

কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ আৰম্ভ

বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ আৰম্ভ হৈছে। কালি প্ৰথম দিনটোতে তীব্র গৰমকো নেওচি দেশী-বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জার্মানীকে ধৰি ইউৰোপৰ কেইবাখনো দেশৰ পৰা বিদেশী ভক্ত অম্বুবাচী মহাযোগ উপলক্ষে আহি কামাখ্যা মন্দিৰত উপস্থিত হৈছেহি। বাহিৰৰ পৰা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানা বেশ-ভূষা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰ...

June 3, 2025 1:02 PM June 3, 2025 1:02 PM

views 10

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৫ জুনৰ শেষ নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ'ব। ২৬ জুনৰ পুৱা ৰীতি-নীতিৰে দেৱীৰ স্নান পৰ্ব, নিত্য পূজা সমাপনৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত কালি পৰ্যটন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। ...